- News18 Assam
- Last Updated: April 25, 2021, 9:21 AM IST
অৱশেষত ONGCৰ দুগৰাকী অপহৃত কৰ্মচাৰীক শনিবাৰে মাজনিশা অসম আৰক্ষীক গটাই দিলে ভাৰতীয় সেনাৰ দলে। ভাৰত-ম্যানমাৰ সীমান্তত দুয়োগৰাকী কৰ্মচাৰীক উদ্ধাৰ কৰিছিল ভাৰতীয় সেনা আৰু নাগালেণ্ড আৰক্ষীয়ে। ইয়াৰ পিছতে সেনাৰ কনভয়েৰে নাগালেণ্ডৰ মন থানালৈ লৈ অনা হৈছিল দুই কৰ্মচাৰী ক্ৰমে, মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক।
কিন্তু নিৰাপত্তাজনিত কাৰণত নিশা সোনাৰীলৈ লৈ অনা নহ'ল দুয়োগৰাকী কৰ্মচাৰীক। দেওবাৰে দিনৰ ভাগত মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক সোণাৰীলৈ লৈ অনা হ'ব। আৰু তাৰ পিছতে দুয়োগৰাকীকে শিমলুগুৰি থানালৈ লৈ যাব বুলি জানিব পৰা গৈছে। চৰাইদেউৰ ASP ৰ উপস্থিতিত সম্পন্ন হ'ব আনুষ্ঠানিকতা ৷
আনহাতে এই পৰ্যন্ত সম্ভেদ নাই আনগৰাকী অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ। শনিবাৰে মাজনিশা পৰ্যন্ত অসম ৰাইফলচ, নাগালেণ্ড আৰক্ষীয়ে অভিযান চলাই যদিও কোনোধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই অপহৃত কৰ্মচাৰীগৰাকীৰ।