- News18 Assam
- Last Updated: April 21, 2021, 9:52 AM IST
কোভিডৰ দ্বিতীয় লহৰে নগাঁও জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে। মঙলবাৰেও জিলাখনত ৭২ গৰাকী লোক কোভিড-১৯ত নতুনকৈ আক্ৰান্ত হৈছে। মঙলবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত ৩৮৯৬ গৰাকী লোকৰ RAT টে'ষ্ট আৰু ৯৮ গৰাকীৰ আৰ টি পি চি আৰ টেষ্ট কৰা হয়। ইয়াৰ ভিতৰত ৭২ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাতো নিশ্চিত হয়। ইয়াৰে ৬৭ গৰাকী RAT টে'ষ্টত আৰু ৫ গৰাকী আৰ টি পি চি আৰ টেষ্টত কোভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। আক্ৰান্ত ৯ গৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পতালত চিকিৎসাধীন কৰা হৈছে। আন ৬৩ জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে।
মঙলবাৰে চিকিৎসাধীন হৈ থকা ২০ গৰাকী লোক সুস্থ হৈ উঠিছে। আজিলৈকে জিলাখনত কোভিড-১৯ৰ দ্বিতীয় লহৰত তিনি শতাধিক গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। আজিৰ তাৰিখত নগাঁও জিলাত ২৪৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
ইপিনে, জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সকলোকে কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনাইছে। মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ সকীয়নি প্ৰদান কৰাৰ লগতে ১০০০ টকাকৈ জৰিমনা বিহিছে। তদুপৰি সন্ধিয়া ৬ বজাত সমগ্ৰ নগাঁও চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰা দেখা যায়।