- News18 Assam
- Last Updated: April 18, 2021, 5:27 PM IST
পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে পুনৰ মুখ খুলিছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে। এইবাৰৰ নিৰ্বাচনত দলীয় টিকট নাপাই নিৰ্বাচন নেখেলা শিলাদিত্য দেৱৰ বিস্ফোৰক মন্তব্য।
শিলাদিত্য দেৱে কয় যে, 'বিজেপিয়ে ১০০ আসন নাপায়। চিম্পল মেজৰিটিৰেহে চৰকাৰ গঠন কৰিব বিজেপিয়ে। বিজেপিৰ ১০০ প্লাচ আসন দখলৰ শ্লোগান এক নিৰ্বাচনী কৌশল আছিল। প্ৰচাৰ পাব্লিচিটিৰ বাবে দলে তেনেকৈ কৈছিল। কাৰ্যত বিজেপিয়ে সিমান আসন নাপায়। কংগ্ৰেছ-AIUDFৰ মিত্ৰতাই বিজেপিক বহুত ক্ষতি কৰিছে।'
শিলাদিত্য দেৱেৰ মতে, সংখ্যালঘু ভোটৰ বিভাজন নহ'ল। "মই নিৰ্বাচন খেলিলে হোজাইত বিজেপি হাৰিল হেতেন বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শিলাদিত্য দেৱে।
ইফালে আগন্তুক দিনত ৰাজনৈতিক জীৱন শূন্যৰ পৰা আৰম্ভ কৰিব বুলিও উল্লেখ কৰে শিলাদিত্য দেৱে।