- News18 Assam
- Last Updated: July 22, 2020, 4:37 PM IST
আকৌ জ্বলিছে বাঘজান। বাঘজানৰ তৈলখাদত সূত্ৰপাত হৈছে অগ্নিকাণ্ডৰ। বি জি আৰ তৈল ক্ষেত্ৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত আহত হৈছে তিনিজন বিদেশী বিশেষজ্ঞ। বৰ্তমান তিনিওজনকে ডিব্ৰুগড়ৰ অসম চিকিত্সা মহাবদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। জুই নিৰ্বাপনৰ প্ৰাৰম্ভিক কাম কৰি থকাৰ সময়ত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত কৰ্মৰত অৱস্থাত আছিল তিনিজন বিদেশী বিশেষজ্ঞৰ লগতে বৰোদাৰ পৰা অহা বিশেষজ্ঞ। বিদেশী বিশেষজ্ঞ কেইজনৰ নাম, এণ্টণী ষ্টিভেন ৰেনল্ড, ড’গ ডালাচ আৰু ক্ৰাইগ নীল ডানকান। তিনিওজন বিশেষজ্ঞ আমেৰিকাৰ বুলি জানিব পৰা গৈছে। বিশেষজ্ঞই সেইসময়ত কেপিঙৰ কাম কৰি আছিল।
বাঘজানৰ সেই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰায় ৫৮ দিন পাৰ হৈ যোৱাৰ পিছত আকৌ অগ্নিকাণ্ড সংঘটিত হ’ল। অইল কৰ্তৃপক্ষই বৰ্তমান অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বাঘজানত আকৌ অগ্নিকাণ্ড সংঘটিত হোৱাত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় অঞ্চলবাসী।