ভাষা নিৰ্বাচন :

অসমীয়া(Assamese)

কামৰূপ জিলাৰ দদৰাৰ এটি পৰিয়ালৰ ৪গৰাকী লোক দিল্লীত ক'ৰোনাত আক্ৰান্ত, চিকিৎসাৰ সু-ব্যৱস্থা কৰি দিবলৈ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ

কামৰূপৰ দদৰাৰ এটি পৰিয়ালৰ ৪গৰাকী লোক দিল্লীত ক'ৰোনাত আক্ৰান্ত। চিকিৎসাৰ সু-ব্যৱস্থা কৰি দিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে পৰিয়ালটোৱে।

সম্প্ৰতি দেশত ক'ৰোণা ভাইৰাছে ধাৰণ কৰিছে সংহাৰী ৰূপ। ইয়াৰ ফলত ইতিমধ্যে কেইবাখনো ৰাজ্যত ক'ভিড আক্ৰান্তক লৈ সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ । দেশৰ ৰাজধানী নতুন দিল্লীৰ প্ৰতিখন হাস্পতাল এতিয়া ক'ভিড আক্ৰান্ত ৰোগীৰে ভৰি পৰিছে। দৈনিক মৃত্যু হৈছে বহু লোকৰ। ন-ন আক্ৰান্তই এতিয়া সন্মুখীন হৈছে ভীষণ সমস্যাৰ। আন একাংশ ক'ভিড আক্ৰান্তই এতিয়া আকৌ চিকিৎসা সেৱা নাপাই অক্সিজেনৰ অভাৱত মৃত্যুৰে যুঁজিছে ।

কামৰূপ জিলাৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত দদৰাৰ এটি পৰিয়াল কৰ্মসূত্ৰে নতুন দিল্লীৰ টোগলকাবাদ এক্সটেঞ্চনত বিগত বিশটা বছৰে বাস কৰি আহিছে । কিন্তু বৰ্তমান পৰিয়ালটোৰ চাৰি গৰাকী সদস্যৰ আটাইকেইগৰাকীয়েই এতিয়া ক'ভিড আক্ৰান্ত। পৰিয়ালটোৰ মুৰব্বী উৎপল সেনাপতি অক্সিজেনৰ অভাৱৰ বাবে  অতি সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে। ইয়াকে লৈ দদৰাৰ বাসগৃহত থকা পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে । লোকজনৰ পিতৃ-মাতৃৰ লগতে ভাতৃয়ে স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক দিল্লী চৰকাৰৰ সৈতে যোগাযোগ কৰি চিকিৎসাৰ ক্ষেত্ৰত  সু-ব্যৱস্থা কৰি দিবলৈ কাতৰে অনুৰোধ জনাইছে।

Published by: Kokil Sarma
First published: April 25, 2021, 11:48 AM IST