- News18 Assam
- Last Updated: July 20, 2020, 4:57 PM IST
মহানগৰীৰ ক্ষেত্ৰী থানাৰ অধীনৰ তেতেলীগুৰিৰ ঘোঁৰামাৰা গাঁৱত শোকাৱহ ঘটনা। সোমবাৰে পুৱা বাঢ়নী পানীৰে ভৰি থকা পুখুৰীত উদ্ধাৰ খুৰা-ভতিজাৰ মৃতদেহ।
উল্লেখ্য যে, ৰবিবাৰে দিনৰ ভাগত সমন্ধত খুৰা-ভতিজা মৃদুল মেধি আৰু ৰক্তিম মেধিয়ে ঘৰৰ ওচৰৰ পুখুৰীত এখন কলৰ ভূঁৰত উঠি মাছ মাৰি থাকোতে অসাৱধানবশতঃ বাঢ়নী পানীৰে ভৰি থকা পুখুৰীত পৰি সন্ধানহীন হৈ আছিল।
এছ ডি আৰ এফৰ দলে ৰবিবাৰে দীৰ্ঘ সময় ধৰি অভিযান চলাইও দুয়োৰে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ইপিনে সোমবাৰে পুৱা গাঁৱবাসীয়ে পৰিয়ালৰ লোক সমন্বিতে নাঁৱৰে অভিযান চলাই পুখুৰীটোৰ দ’ পানীত খুৰা-ভতিজাৰ মৃতদেহ দুটা উদ্ধাৰ কৰে। এই ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।