- News18 Assam
- Last Updated: April 25, 2021, 10:17 AM IST
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জাল কৰি জাননী উলিয়ালে কোনে? ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। কোৰোণা পৰিস্থিতিৰ দোহাই দি ছাত্ৰ-ছাত্ৰীক বিভ্ৰান্ত কৰাৰ অপচেষ্টা কৰি পৰীক্ষা বাতিলৰ নিৰ্দেশনা উলিওৱাৰ ভয়ংকৰ অপৰাধত লক্ষ্য বিকাশ গগৈ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে।
যুৱকজনে যোৱা ৬ এপ্ৰিলত আৰু ২০ এপ্ৰিলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ পৰীক্ষা বাতিল কৰা হ'ল বুলি পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জাল কৰি ভুৱা নিৰ্দেশনা উলিয়াইছিল। যাৰ বাবে বিশ্ববিদ্যালয়ৰ লগতে প্ৰায় দুই শতাধিক মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীসকল বিপাঙত পৰিছিল।
অভিযুক্ত যুৱকজনৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে। আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃপক্ষই যোৱা ২০ এপ্ৰিলতে ঘটনা সন্দৰ্ভত গোচৰ তৰিছিল আৰক্ষী চকীত। আৰু ইয়াৰ পিছতে অভিযান আৰম্ভ কৰি শনিবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি/৪১৯/৪৬৮/৪৭১/১৯৮ ধাৰা অধীনত ৮৪৬/২১ গোচৰৰ ভিত্তিত তিনিচুকীয়া জিলাৰ পানীতোলা লাইপুলি কদমনি গাওঁৰ লক্ষ্য বিকাশ গগৈক গ্ৰেপ্তাৰ কৰা লগতে এটা মোবাইল জব্দ কৰিছে।
উল্লেখযোগ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই শেহতীয়াকৈ কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি ২৩ এপ্ৰিলতহে বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষাসমূহ বাতিল কৰিছিল।