- News18 Assam
- Last Updated: July 22, 2020, 4:26 PM IST
ক’ভিড ১৯ৰ পৰিস্থিতিৰ মাজতে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে সোণৰ মূল্যই । 24 কেৰেট বিশুদ্ধতাৰ ১০ গ্ৰাম সোণৰ মূল্য অসমত বুধবাৰে ৫১,৮৬০ টকা হোৱাৰ বিপৰীতে এই মূল্যই বছৰৰ শেষলৈ ৬০ হাজাৰ টকা অতিক্ৰম কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ব্যৱসায়ীসকলে ।
কভিড১৯ মহামাৰীৰ মাজতে বৃদ্ধি পাইছিল পেট্ৰল-ডিজেলৰ মূল্য । ইয়াৰ পিছতে অভাৱনীয় ভাবে বৃদ্ধি পালে সোণৰ মূল্য । সোণৰ মূল্যই পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰিলে । অসমত বুধবাৰৰ দিনটোত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য জিএছটি সহ হ’লগৈ ৫১,৮৬০ টকা । জি এছ টি বাদ দি এই মূল্য হ’ল ৫০,৩৫০ টকা । জি এছ টি সহ ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য হ’লগৈ ৫০,৩০৫ টকা। ১৮ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য হ’লগৈ ৪৫,১২০ টকা । একেদৰে ১৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য জি এছ টি সহ হ’লগৈ ৩৪,৬৫০ টকা ।
কি কাৰণে বাঢ়িছে দাম?
বিশ্ব জুৰি অব্যাহত থকা ক’ভিড১৯ৰ পৰিস্থিতিৰ মাজতে বিভিন্ন দেশে তেওঁলোকৰ গল্ড ৰিজাৰ্ভ বঢ়াবলৈ চেষ্টা অব্যাহত ৰখাৰ বাবেই সোণৰ মূল্য এনেদৰে আকাশলংঘী হৈ পৰা বুলি জানিবলৈ দিছে ইণ্ডিয়ান বুলিয়েন জুৱেলাৰ্ছ এচোছিয়েছন লিমিটেডে । তেওঁলোকে আশংকা কৰা মতে সোণৰ মূল্য আৰু বৃদ্ধি পাব আৰু ই ৬০হাজাৰ টকাৰ ঘৰ অতিক্ৰম কৰিব ।
"সোণৰ দাম প্ৰতি বছৰে ৮-৯ শতাংশ বৃদ্ধি পাই আহিছে । কিন্তু শেহতীয়াকৈ বিশ্বৰ বহু দেশে তেওঁলোকৰ গল্ড ৰিজাৰ্ভ বঢ়াবলৈ সোণ ক্ৰয় কৰিছে । আৰু সেই বাবেই সোণৰ মূল্য বৃদ্ধি পাইছে অভাৱনীয় ভাৱে । এই ধাৰা অব্যাহত থাকিলে এই বছৰতে সোণৰ মূল্যই ৬০ হাজাৰ টকা অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।", ইণ্ডিয়ান বুলিয়েন জুৱেলাৰ্ছ এচোছিয়েছন লিমিটেডৰ অসম শাখাৰ সভাপতি প্ৰদীপ চৰকাৰে এনেদৰে কয় ।
সোণৰ এই অভাৱনীয় মূল্যবৃদ্ধিয়ে বিয়াৰ পৰিকল্পনা কৰা লোকসকলক কিছু চিন্তাত পেলোৱাৰ লগতে সোণত বিনিয়োগ কৰা লোকসকলক উৎসাহী কৰি তুলিছে ।