- News18 Assam
- Last Updated: April 18, 2021, 4:10 PM IST
কোৰোণাই বিপদ মাতিছে অসমৰ বহু ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰলৈ। ২০২০ বৰ্ষত কোৰোণাৰ বাবেই পিছুৱাই গৈছিল পাঠ্যক্ৰম। এইবাৰ পুনৰ কোৰোণাৰ দ্বিতীয় লহৰে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত কেৰিয়াৰক লৈ চিন্তাত পৰিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল।
ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ে স্নাতক ষান্মাসিকৰ পৰীক্ষা সমূহ পিছুৱাই দিছে। ইয়াৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰা, নকৰাক লৈ বৰ্তমানলৈকে কোনোধৰণৰ স্পষ্ট নীতি-নিৰ্দেশনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা নাই। ইয়াৰ ফলত চিন্তিত হৈ পৰিছে পৰীক্ষাৰ্থীসকল।
দেওবাৰে নগাঁও প্ৰেছ ক্লাৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বিভিন্ন মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষা বাতিল অথবা পিছুৱাই দিয়াৰ সলনি অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়।
ছাত্ৰ-ছাত্ৰী সকলৰ মতে, পৰীক্ষা পিছুৱাই দিলে উচ্চ শিক্ষা লাভ কৰাৰ বাবে ভৱিষ্যতে তেঁওলোকে দিল্লী অথবা দেশৰ আন প্ৰান্তৰ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়তো স্নাতকোত্তৰ পৰ্য্যায়ত আসনৰ সংখ্যা সীমিত। সেয়েহে অনলাইন পৰীক্ষা অনুষ্ঠিত কৰি তেঁওলোকৰ কেৰিয়াৰৰ বাবে কৰ্তৃপক্ষই চিন্তা কৰা উচিত।
সেইদৰে স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা কটন বিশ্ববিদ্যালয়ে পূৰ্বেই অনুষ্ঠিত কৰিছে যদিও আন আন ষান্মাসিক সমূহৰ পৰীক্ষাৰ ক্ষেত্ৰত কটন বিশ্ববিদ্যালয়েও কোনো স্পষ্ট নীতি-নিৰ্দেশনা বৰ্তমানলৈকে জাৰি কৰা নাই।