- News18 Assam
- Last Updated: April 21, 2021, 10:36 AM IST
পুনৰ মঙলবাৰে ৰঙিয়া জংছনত দুজনৰ দেহত ধৰা পৰিল কোৰোণা পজিটিভ। ব্ৰহ্মপুত্ৰ মেইলেৰে আহিছিল ৰঙিয়ালৈ দুই কভিড আক্ৰান্ত লোক। ৰঙিয়া ৰে’ল জংছনত ৰে’ল যাত্ৰীসকলৰ কৰা হৈছিল কোভিড পৰীক্ষা। যাত্ৰীসকলৰ ভিতৰত দুগৰাকীৰ দেহত ধৰা পৰে কোভিড-১৯ৰ অৱস্থিতি। আক্ৰান্ত যাত্ৰী দুগৰাকী হৈছে হৰিবিন্দৰ সিং আৰু অনিল সিং। ৰে’ল জংছনৰ পৰা দুয়োগৰাকী কোভিড আক্ৰান্ত লোককে শিঙিমাৰীৰ কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে ৰঙিয়া ৰে’ল জংছনত সোমবাৰেও পাঁচগৰাকী ৰে’ল যাত্ৰীৰ দেহত ধৰা পৰিছিল কোভিড-১৯ৰ অৱস্থিতি।