- News18 Assam
- Last Updated: April 21, 2021, 11:28 AM IST
কুইপ’ৰ দুই কৰ্মচাৰীৰ পিছত এইবাৰ ONGCৰ ৩ জনকৈ কৰ্মচাৰীক অপহৰণ। পুৱতি নিশা প্ৰায় ৩ বজাত লাকুৱা জিজিএছ -8, চৰাইদেউ জিলাৰ পৰা ONGCৰ (তেল আৰু প্ৰাকৃতিক গেছ লিমিটেড) তিনিজন কৰ্মচাৰীক কেবাজনীয়া বন্দুকধাৰী দুৰ্বৃত্তই অপহৰণ কৰিছিল। এই অপহৰণৰ আঁৰত আলফা (স্বাধীন) আৰু এনএছচিএন(কে) জৰিত থকাৰ সন্দেহ কৰা হৈছে। অৱশ্যে সম্পূৰ্ণ ঘটনা তদন্তৰ আওতাত আছে আৰু সবিশেষ পোহৰলৈ আহিবলৈ এতিয়াও বাকী। সংগঠন দুটাৰ তৰফৰ পৰাও আনুষ্ঠানিক বিবৃতি এতিয়ালৈ অহা নাই কিন্তু প্ৰাথমিক অনুসন্ধানত আলফা (স্বা) আৰু এনএছচিএন(কে)ৰ যুটীয়া অপহৰণকাণ্ড বুলি আশংকা কৰা হৈছে।
অপহৃতসকলৰ নাম হৈছে :-
(ক) ৰিতুল গোস্বামী (টেকনিচিয়ান), আৰ/অ' বৰহোলা, জিলা গোলাঘাট।
(খ) অলকেশ শইকীয়া (জুনিয়ৰ টেকনিচিয়ান) জিলা যোৰহাট।
(গ) মোহিনী মোহন গগৈ (জুনিয়ৰ টেকনিচিয়ান) আৰ/অ' ডেমো, নিতাই পুখুৰী, জিলা শিৱসাগৰ।