ভাষা নিৰ্বাচন :

অসমীয়া(Assamese)

চিকিৎসালয়ৰ কক্ষৰ পৰাই পলায়ন ক'ভিড ১৯ত আক্ৰান্ত ৰোগীৰ। পুনৰ এবাৰ ৰাজ্যৰ ক'ত সংঘটিত হ'ল এই ঘটনা?

যুৱকজনক আছুতীয়া কক্ষত ৰাখি চিকিৎসা কৰ্মীসকলে অন্য ৰোগীক ৰেপিড এণ্টিজেন টেষ্ট কৰি থকাৰ সময়তে সুবিধা বুজি পলায়ন।

ক'ভিড ১৯ ৰোগত আক্ৰান্ত এজন যুৱক চিকিৎসালয়ৰ পৰা পলায়ন কৰা কাৰ্যই এতিয়া তীব্ৰ আতংকৰ সৃষ্টি কৰিছে নাহৰকটীয়াত। উল্লেখযোগ্য যে টিংখং প'ষ্ট অফিচৰ সমীপৰ জ্যোতিষ বড়া নামৰ যুৱকজনে অসুস্থতাত ভুগি থকাত মংগলবাৰে নাহৰকটীয়া দীঘলা পথাৰ স্থিত সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বহি: বিভাগত তেওঁ নিজৰ চিকিৎসা কৰাবলৈ উপস্থিত হয়। সেই সময়তে স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি যুৱকজনক প্ৰথমে ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাত যুৱকজনৰ দেহত ধৰা পৰে ক'ভিড ১৯ৰ অৱস্থিতি ।

তাৰ পিছতই ক'ভিড প্ৰটকল অনুসৰি যুৱকজনক আছুতীয়া কক্ষত ৰাখি চিকিৎসা কৰ্মী সকলে অন্য ৰোগীক ৰেপিড এণ্টিজেন টেষ্ট কৰি থকাৰ সময়তে সুবিধা বুজি আছুতীয়া কক্ষৰ পৰা পলায়ন কৰাৰ লগতে যুৱকজনে বন্ধ কৰি দিয়ে নিজৰ মোবাইল ফোনটো । ইফালে যুৱকজন চিকিৎসালয়ৰ পৰা পলায়ন কৰা কথা জানিবলৈ পাৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসকসকলৰ লগতে তাত উপস্থিত থকা লোকসকলৰ মাজত ।শেহতীয়াকৈ এই ঘটনাৰ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে নাহৰকটীয়া আৰক্ষী থানা, টিংখং আৰক্ষী থানা, নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া আৰু টিংখং ৰাজহ চক্ৰ বিষয়া এক লিখিত অভিযোগ দাখিল কৰাত যুৱকজনক বিচাৰি তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Published by: Kokil Sarma
First published: April 21, 2021, 11:48 AM IST