মৰিয়নীত কুম্ভমেলাৰ পৰা অহা ১৬ তীৰ্থযাত্ৰীৰ দেহত কোভিড পজিটিভ, ৰাজধানী এক্সপ্ৰেছযোগে আহিছিল যাত্ৰীসকল 

News18 Assam | News18-Assam
Updated:April 20, 2021, 8:40 AM IST
মৰিয়নীত কুম্ভমেলাৰ পৰা অহা ১৬ তীৰ্থযাত্ৰীৰ দেহত কোভিড পজিটিভ, ৰাজধানী এক্সপ্ৰেছযোগে আহিছিল যাত্ৰীসকল 
মৰিয়নীত সোমবাৰে ২৪ গৰাকী ৰোগীৰ দেহত কোৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

মৰিয়নীত সোমবাৰে ২৪ গৰাকী ৰোগীৰ দেহত কোৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

  • Share this:
দেশবাসীৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিয়াৰ সমান্তৰালকৈ যোৰহাট জিলাটো দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। কোভিডৰ ভয়ানক পৰিস্থিতিয়ে ৰঙালী বিহুৰ মাদকতা ম্লান পেলোৱাৰ উপৰিও নিতৌ চিনাক্ত হোৱা নতুন নতুন ৰোগীৰ তথ্যই শংকিত কৰি তুলিছে জনসাধাৰণক।

আনহাতে মৰিয়নীত সোমবাৰে ২৪ গৰাকী ৰোগীৰ দেহত কোৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। চিনাক্ত হোৱা ৰোগীসকলৰ ভিতৰত ৩ গৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকীসকলক নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থকাৰ পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে।

সোমবাৰে নিশাৰ ভিতৰতে মৰিয়নীত মুঠ ২১ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোণা পজিটিভ। মৰিয়নী ৰে’লৱে জংচনত স্বাস্থ্য বিভাগে বহিঃৰাজ্যৰ পৰা অহা লোকৰ স্বাস্থ্য পৰীক্ষা কৰোতে এই তথ্য পোহৰলৈ আহিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজধানী আৰু অৱধ আছাম ৰে'লযোগে আহি মৰিয়নীত উপস্থিত হোৱা মুঠ ১৮ গৰাকী ৰোগীক চিনাক্ত কৰা হৈছে। ইয়াৰে ১৬ গৰাকী আহিছিল উজনিমুৱা ৰাজধানী এক্সপ্ৰেছত আৰু দুগৰাকী আহিছিল অৱধ আছাম এক্সপ্ৰেছৰ জৰিয়তে। স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা মতে ৰাজধানী এক্সপ্ৰেছত অহা কোভিড পজিটিভ ১৬ গৰাকী যাত্ৰী কুম্ভমেলাৰ পৰা আহিছিল।
Published by: Sanjay Kumar Das
First published: April 20, 2021, 8:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি