ONGCৰ কৰ্মচাৰীক অপহৰণ কাণ্ডঃ উদ্ধাৰ হোৱা দুই কৰ্মচাৰীক মাজনিশা গটালে অসম আৰক্ষীক, অপহৃত ৰিতুল শইকীয়াক বিচাৰি অভিযান অব্যাহত
এই পৰ্যন্ত সম্ভেদ নাই আনগৰাকী অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ।
এই পৰ্যন্ত সম্ভেদ নাই আনগৰাকী অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ।
- News18 Assam
- Last Updated: April 25, 2021, 9:21 AM IST
কিন্তু নিৰাপত্তাজনিত কাৰণত নিশা সোনাৰীলৈ লৈ অনা নহ'ল দুয়োগৰাকী কৰ্মচাৰীক। দেওবাৰে দিনৰ ভাগত মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক সোণাৰীলৈ লৈ অনা হ'ব। আৰু তাৰ পিছতে দুয়োগৰাকীকে শিমলুগুৰি থানালৈ লৈ যাব বুলি জানিব পৰা গৈছে। চৰাইদেউৰ ASP ৰ উপস্থিতিত সম্পন্ন হ'ব আনুষ্ঠানিকতা ৷
আনহাতে এই পৰ্যন্ত সম্ভেদ নাই আনগৰাকী অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ। শনিবাৰে মাজনিশা পৰ্যন্ত অসম ৰাইফলচ, নাগালেণ্ড আৰক্ষীয়ে অভিযান চলাই যদিও কোনোধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই অপহৃত কৰ্মচাৰীগৰাকীৰ।












