হোজাইত প্ৰথমজন কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু, মঙলবাৰে নতুনকৈ আক্ৰান্ত ২৭জন
হোজাই জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা।
হোজাই জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা।
- News18 Assam
- Last Updated: April 21, 2021, 10:08 AM IST
মঙলবাৰে জিলাখনত মুঠ ৩০১৩জনক পৰীক্ষা কৰা হয়, ইয়াৰে ২৭জনৰ দেহত কোভিডৰ লক্ষণ ধৰা পৰে। হোজাইৰ কোভিড আক্রান্তৰ ভিতৰত ১১৬জনক ঘৰতে চিকিৎসা কৰোৱাৰ বিপৰীতে পাঁচজন নীলবাগান আদৰ্শ চিকিৎসালয়ত, চাৰিজন খানাপাৰ চিকিৎসালয়ত আৰু এজন নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসাধীন হৈ আছে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া নীৰা ৰায়ে এক বিবৃতিযোগে জনাইছে। তেওঁ আৰু জনোৱা মতে, এই আক্রান্ত সকলৰ ভিতৰত চিকিৎসাধীন হৈ থকা সাতজন সুস্থ হৈ উঠিছে যদিও এতিয়াও জিলাখনত ১২৬জন কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।
ইফালে, হোজাই জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা। কোভিড-১৯ সংক্ৰমিত ব্যক্তি এশৰো অধিক হোৱাত অসম চৰকাৰৰ অধিসূচনা মৰ্মে হোজাই জিলা দণ্ডাধীশ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ ডাঃ সদনেক সিঙৰ আদেশ যোগে হোজাই জিলাস্থিত সমূহ চৰকাৰী–ব্যক্তিগত খণ্ডৰ প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ লগতে প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীলৈকে মঙলবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে পাঠদান বন্ধ ঘোষণা কৰিছে।
তদুপৰি হোজাই জিলা উপায়ুক্তই কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত নীতি–নিৰ্দেশনাসমূহ সূচাৰুৰূপে পালন কৰি সন্ধিয়া ছয় বজাৰ পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ বাবে জিলাবাসী ৰাইজক আহ্বান জনাইছে বুলি এক বিবৃতিযোগে হোজাই জিলা জনসংযোগ বিষয়া নীৰা ৰায়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।












