দক্ষিণ কামৰূপত কোভিড–১৯ৰ আতংক, নগৰবেৰাত ৮জন আক্ৰান্ত কোৰোণাত
নগৰবেৰাৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মনোৱাৰ হুছেইন আৰু বিল্লাল হুছেইন নামৰ দুজনৰ দেহৰ পোৱা যায় কোভিড–১৯ পজিটিভ৷
নগৰবেৰাৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মনোৱাৰ হুছেইন আৰু বিল্লাল হুছেইন নামৰ দুজনৰ দেহৰ পোৱা যায় কোভিড–১৯ পজিটিভ৷
- News18 Assam
- Last Updated: April 13, 2021, 5:44 PM IST
শেহতীয়াভাৱে সংখ্যালঘু অধ্যুষিত অঞ্চল দক্ষিণ কামৰূপৰ নগৰবেৰাত আঠজনকৈ ব্যক্তিৰ শৰীৰত ধৰা পৰিছে কৰোণা ভাইৰাছৰ অৱস্থিতি৷ অতি উদ্বেগজনকভাৱে নগৰবেৰা আৰু টুপামাৰীত একে দিনাই আঠজনৰ দেহত কোভিড ১৯ৰ অৱস্থিতি ধৰাৰ পৰাৰ পিছত আতংকিত কৰি তুলিছে বৃহত্তৰ সোণতলী, নগৰবেৰা,গৰৈমাৰী আদি অঞ্চলৰ ৰাইজক৷
প্ৰাপ্ত খবৰ অনুসৰি, টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোভিড আক্ৰান্ত হয় ছয়জনকৈ লোক ক্ৰমে ক্ৰমে জায়দা খাতুন, ছাত্তাৰ আলী, নুৰুদ্দিন, লিয়াকত আলী, স্বেখ আব্দুল মালেক আৰু তেওঁৰ ১২ বছৰীয়া পুত্ৰ ৰাব্বুল হাছান। আনহাতে সোমবাৰে নগৰবেৰাৰ আফজালুৰ ৰহমান আৰু কাছুমাৰাৰ এগৰাকী শিক্ষকৰ গাত ধৰা পৰিছে কোভিড–১৯ পজিটিভ৷
উল্লেখ্য যে স্বাস্থ্য বিভাগৰ ৰেপিড টেষ্টত এইসকলৰ কোভিড পজিটিভ ধৰা পৰাত বিভাগীয়ভাৱে যাৱতীয় চিকিৎসা অব্যাহত ৰখাৰ লগতে হোম কোৱাৰেণ্টাইনত ৰখাৰ দিহা কৰা হৈছে৷












