নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, পৰীক্ষাৰ বাবে থাকিব বহু নীতি-নিয়ম
দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। যাৰ বাবে বাতিল কৰা হৈছে CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা।
দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। যাৰ বাবে বাতিল কৰা হৈছে CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা।
- News18 Assam
- Last Updated: April 18, 2021, 4:46 PM IST
পূৰ্বৰ নিৰ্ধাৰিত সময়তে হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। ৰাজ্যত কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সিদ্ধান্ত হ'ব ৰাজ্যৰ শিক্ষা বিভাগে। কোভিডৰ বাবে এইবাৰ পৰীক্ষাকেন্দ্ৰত Z আৰু S পদ্ধতিত বহাব H.S পৰীক্ষাৰ্থীসকলক। যাৰ বাবে পূৰ্বতকৈ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বৃদ্ধি কৰিছে পৰীক্ষাকেন্দ্ৰ।
এইবাৰ ৮২০ টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব ২,৪৯,৩৯৯ গৰাকী পৰিক্ষাৰ্থী। ইয়াৰে কলা শাখাত ১,৭৫,১৭৫ গৰাকী, বিজ্ঞান শাখাত ৪০,৫৮৮ গৰাকী,বাণিজ্য শাখাত ১৮,১৭৮ গৰাকী আৰু বৃত্তিমুখী শাখাত ৮৬৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব।
- পৰীক্ষাৰ বহীৰ মূল্যায়নৰ বাবে ৬ টা ভেন্যু, ৪৮ টাকৈ জ'ন ৰখা হৈছে।
- কোভিড আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে থাকিব সুকীয়াকৈ কোঠা।
- পৰীক্ষাকেন্দ্ৰত থকা নিৰীক্ষকে কোভিড টেষ্ট কৰাটো হ'ব বাধ্যতামূলক।
- পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামলক।
- কোভিডৰ বাবে এইবাৰ পৰীক্ষাকেন্দ্ৰত Z আৰু S পদ্ধতিত বহাব H.S পৰীক্ষাৰ্থীসকলক।












