দুখীয়া ছাত্ৰক সহায় কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিৰ হুঁচৰি পৰিৱেশন
চহৰখনৰ কেইবাগৰাকীও ৰাজনীতিবিদ আৰু চিকিৎসকৰ ঘৰতো সংগঠনটোৰ সদস্যসকলে হুঁচৰি পৰিৱেশন কৰে।
চহৰখনৰ কেইবাগৰাকীও ৰাজনীতিবিদ আৰু চিকিৎসকৰ ঘৰতো সংগঠনটোৰ সদস্যসকলে হুঁচৰি পৰিৱেশন কৰে।
- News18 Assam
- Last Updated: April 16, 2021, 11:10 PM IST
ইয়াৰ পিছতে চহৰখনৰ কেইবাগৰাকীও ৰাজনীতিবিদ আৰু চিকিৎসকৰ ঘৰতো সংগঠনটোৰ সদস্যসকলে হুঁচৰি পৰিৱেশন কৰে। সংগঠনটোৰ নগৰ কমিটীৰ নেতা-কৰ্মী সকলে সুন্দৰ হুঁচৰিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপমণি বৰা, সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াৰ লগতে কাশ্যপ ফুকন, প্ৰবাল শৰ্মা, বিচিত্ৰ দাসৰ লগতে সকলো সদস্যই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। হুঁচৰিৰ জৰিয়তে সংগৃহীত ধনেৰে দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়া পাঠ্য-পুথি বিতৰণ কৰা হ'ব।
উল্লেখযোগ্য যে, বিগত ২০১৭ চনৰে পৰা সংগঠনটোৱে অবিৰত ভাবে এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও বিগত ২০২০বৰ্ষত ক'ৰোণাৰ বাবে তেঁওলোকে এই কাৰ্যসূচীৰ পৰা বিৰত থাকিব লগা হৈছিল।












