'১০০ খন আসন বিজেপিয়ে নাপায়, কংগ্ৰেছ-AIUDFৰ মিত্ৰতাই বিজেপিক ক্ষতি কৰিছে'
পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে পুনৰ মুখ খুলিছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে।
পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে পুনৰ মুখ খুলিছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে।
- News18 Assam
- Last Updated: April 18, 2021, 5:27 PM IST
শিলাদিত্য দেৱে কয় যে, 'বিজেপিয়ে ১০০ আসন নাপায়। চিম্পল মেজৰিটিৰেহে চৰকাৰ গঠন কৰিব বিজেপিয়ে। বিজেপিৰ ১০০ প্লাচ আসন দখলৰ শ্লোগান এক নিৰ্বাচনী কৌশল আছিল। প্ৰচাৰ পাব্লিচিটিৰ বাবে দলে তেনেকৈ কৈছিল। কাৰ্যত বিজেপিয়ে সিমান আসন নাপায়। কংগ্ৰেছ-AIUDFৰ মিত্ৰতাই বিজেপিক বহুত ক্ষতি কৰিছে।'
শিলাদিত্য দেৱেৰ মতে, সংখ্যালঘু ভোটৰ বিভাজন নহ'ল। "মই নিৰ্বাচন খেলিলে হোজাইত বিজেপি হাৰিল হেতেন বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শিলাদিত্য দেৱে।












