ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, পৰম্পৰা অনুসৰি প্ৰতিজন অসমীয়াই পালন কৰিছে মানুহ বিহু

News18 Assam | News18-Assam
Updated:April 15, 2021, 8:54 AM IST
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, পৰম্পৰা অনুসৰি প্ৰতিজন অসমীয়াই পালন কৰিছে মানুহ বিহু
ইফালে, ৰঙালীৰ আনন্দত ৰঙীন ৰাজ্য। ঢোল, পেঁপা, গগণাৰ মাতত মুখৰ ৰাজ্য। ঘৰে ঘৰে গৈ হুঁচৰি মাৰিবলৈ, ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে ডেকা–গাভৰুসকল।

ইফালে, ৰঙালীৰ আনন্দত ৰঙীন ৰাজ্য। ঢোল, পেঁপা, গগণাৰ মাতত মুখৰ ৰাজ্য। ঘৰে ঘৰে গৈ হুঁচৰি মাৰিবলৈ, ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে ডেকা–গাভৰুসকল।

  • Share this:
আজি মানুহ বিহু। অসমীয়া নতুন বছৰৰ প্ৰথমটো দিন। কোভিড পৰিস্থিতিৰ মাজতো প্ৰতিজন অসমীয়াই পালন কৰিছে হেঁপাহৰ ৰঙালী বিহু। পৰম্পৰা অনুসৰি পহিলা ব’হাগত মানুহ বিহু পালন কৰি আহিছে অসমীয়াই। মানুহ বিহুৰ দিনা কনিষ্ঠজনে জ্যেষ্ঠজনৰ চৰণ চুই সেঁৱা লৈ বছৰটো মংগলময় হোৱাৰ বাবে আৰ্শীবাদ বিচাৰে। আজিৰ দিনটোতে আপোনজনক বিহুৱান যাঁচি জ্ঞাপন কৰে বিহুৰ শুভকামনা।

ইফালে, ঢোল, পেঁপা, গগণাৰ মাতত মুখৰ ৰাজ্য। ঘৰে ঘৰে গৈ হুঁচৰি মাৰিবলৈ, ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে ডেকা–গাভৰুসকল।

আনহাতে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে ৰঙালীৰ ৰঙীন অনুষ্ঠান। বিহুৰ মঞ্চ কঁপাবলৈ সাজু হৈছে শিল্পীসকলো। কোভিড পৰিস্থিতিৰ মাজতে নিৰ্দিষ্ট নীতি–নিয়মৰ মাজত বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।

Published by: Sanjay Kumar Das
First published: April 15, 2021, 8:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি