Dr Bhumidhar Barman passes away: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মনৰ দেহাৱসান

News18 Assam | News18-Assam
Updated:April 18, 2021, 7:04 PM IST
Dr Bhumidhar Barman passes away: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মনৰ দেহাৱসান
৭ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ডাঃ বৰ্মন।

৭ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ডাঃ বৰ্মন।

  • Share this:
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ডাঃ ভূমিধৰ বৰ্মনৰ দেহাৱসান। দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্মনে। ৭ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ডাঃ বৰ্মন। ১৯৬৭ চনত প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল বৰ্মন। হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত কিছুদিনৰ বাবে ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল ভূমিধৰ বৰ্মনে। তেওঁ ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৪ মে'লৈ অসমৰ মুখ্যমন্ত্ৰী পদত আছিল।

শৈশৱত বেলশৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল বৰ্মনে। ১৯৫১ চনত তেওঁ টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল। ১৯৫৩ চনত কটন কলেজৰ পৰা আই. এছ. চি. পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰে। ১৯৫৮ চনত তেওঁ সুখ্যাতিৰে এম. বি. বি. এছ. পৰীক্ষাত উত্তীৰ্ণ হয়।

১৯৬৭ চনত তেওঁ পশ্চিম নলবাৰী (বৰ্তমান ধৰ্মপুৰ) সমষ্টিৰ পৰা বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৭২ চনত তেওঁ পুনৰবাৰ বিধান সভালৈ নিৰ্বাচিত হয়। সেই সময়ৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই তেওঁৰ মন্ত্ৰীসভাত ডাঃ ভূমিধৰ বৰ্মনক ৰাজ্যিক ৰাজহ আৰু শিক্ষামন্ত্ৰীৰূপে নিযুক্তি দিয়ে। ১৯৭৮ চনৰ নিৰ্বাচনত তেওঁ জনতা দলৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল।

১৯৮৩ চনত তেওঁ পুনৰ বিধানসভালৈ ধৰ্মপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়। সেইবাৰ তেওঁক মন্ত্ৰীসভাত শিক্ষা, স্বাস্থ্য, পৰিয়াল আৰু পঞ্চায়ত বিভাগৰ দায়িত্ব দিয়া হৈছিল।

১৯৯১ চনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা ডাঃ ভূমিধৰ বৰ্মন অসম বিধানসভালৈ চতুৰ্থ বাৰৰ বাবে নিৰ্বাচিত হয়। হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত তেওঁক স্বাস্থ্য, শিক্ষা আৰু চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্ব দিয়া হৈছিল।

১৯৯৬ চনত তেওঁ বৰক্ষেত্ৰী সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত পৰাজিত হয়। ২০০১ চনত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বৰক্ষেত্ৰী সমষ্টিৰ পৰা তেওঁ বিধায়কৰূপে নিৰ্বাচিত হয়। তৰুণ গগৈৰ মন্ত্ৰীসভাত স্বাস্থ্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰে। ২০০৬ আৰু ২০১১ চনতো বৰক্ষেত্ৰীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ডাঃ বৰ্মন।
Published by: Himangshu Bhuyan
First published: April 18, 2021, 7:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি