সোমবাৰে অসমত Covid-19ত আক্ৰান্ত ১৩৬৭জনৰ ৪৮২জন কামৰূপ মহানগৰৰ, ক'ৰোনাৰ ভয়ংকৰ সংক্ৰমণৰ পিছতো বন্ধ হোৱা নাই সংগীতানুষ্ঠান!
এদিনতে কামৰূপ মহানগৰত ক'ৰোনাত আক্ৰান্ত ৪৮২জন। তাৰ পিছতো মহানগৰীত চলি আছে সংগীতানুষ্ঠান।
এদিনতে কামৰূপ মহানগৰত ক'ৰোনাত আক্ৰান্ত ৪৮২জন। তাৰ পিছতো মহানগৰীত চলি আছে সংগীতানুষ্ঠান।
- News18 Assam
- Last Updated: April 19, 2021, 11:31 PM IST
পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে কোনো জিলাত যদি ৩০০তকৈ অধিক সক্ৰিয় ক'ভিড ৰোগী থাকে তেন্তে জিলা উপায়ুক্তসকলে বিহুৰ অনুমতি নিদিবও পাৰে। তেনে স্থলত গুৱাহাটী মহানগৰীত এদিনতে ৪৮২জন আক্ৰান্ত হৈছে। তাৰ পিছতো বিহুৰ অনুষ্ঠান বন্ধ হোৱা নাই।
সোমবাৰে ৰাজ্যত মুঠ ৬৫,৪১০ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ১৩৬৭জনৰ ৰিজাল্ট ক'ভিড পজিটিভ আহে। সোমবাৰে ডিব্ৰুগড় জিলাত ১০৯জন, কামৰূপ জিলাত ১০৬জন আৰু শোণিতপুৰ জিলাত ৬৭জন লোক ক'ৰোনাত আক্ৰান্ত হয়। সোমবাৰে মৃত্যু হয় ৭জনৰ। ইয়াৰে ৪জন কামৰূপ মহানগৰ জিলাৰ, এজন কামৰূপ জিলাৰ, এজন বাক্সা জিলাৰ আৰু এজন কাছাৰ জিলাৰ।আজি ৩১২ জন লোক সুস্থ হৈ উঠে। আনহাতে আজি আক্ৰান্তৰ হাৰ হৈছে ২.০৯ শতাংশ।












