বিজেপি হৈছে মাষ্টাৰ অফ হৰ্ছ ট্ৰেডিং, এইবাৰ হ'ব মহাজোঁটৰ চৰকাৰ : ৰিপুণ বৰা
“BJP য়ে হৰ্ছ ট্ৰেডিঙত যথেষ্ট পাকৈত ৷ মাষ্টাৰ অফ হৰ্ছ ট্ৰেডিং বিজেপি” যাৰ বাবে কংগ্ৰেছ মহাজোঁট এতিয়া যথেষ্ট সাৱধান হৈ আছে : ৰিপুণ বৰা।
“BJP য়ে হৰ্ছ ট্ৰেডিঙত যথেষ্ট পাকৈত ৷ মাষ্টাৰ অফ হৰ্ছ ট্ৰেডিং বিজেপি” যাৰ বাবে কংগ্ৰেছ মহাজোঁট এতিয়া যথেষ্ট সাৱধান হৈ আছে : ৰিপুণ বৰা।
- News18 Assam
- Last Updated: April 13, 2021, 1:57 PM IST
গোৱা, কৰ্ণাটক, মধ্য প্ৰদেশ, মণিপুৰত BJP য়ে হৰ্ছ ট্ৰেডিং কৰি চৰকাৰ গঠন কৰিছে বিজেপিয়ে ৷ অসমতো শেষ খেল বিজেপিয়ে খেলিব পাৰে যাৰ বাবে সাৱধানতা অৱলম্বন কৰিছে মহাজোঁটে ৷ এইবাৰ অসমত কোনো প্ৰকাৰে বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু কংগ্ৰেছ মহাজোঁটে চৰকাৰ গঠন কৰাটো খাটাং হৈ পৰিছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় ৷
আনহাতে কিছুদিন আগলৈ ৰিপুণ বৰাই মহাজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে নিজকে প্ৰক্ষেপ কৰি আছিল যদিও দুধনৈত কিন্তু এই ক্ষেত্ৰত সুৰ সলালে বৰাই, “এতিয়া মুখ্যমন্ত্ৰী কোন হয় সেয়া ডাঙৰ কথা নহয়, EVM সমূহ থকা ষ্ট্ৰং ৰুমৰ সুৰক্ষা দিয়া হে প্ৰধান কাম মহাজোঁটৰ ৷” আনহাতে AJP ৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মিত্ৰজোঁট-মহাজোঁট দুয়োটা দলে নাপায় সংখ্যাগৰিষ্ঠতা নাপায় বুলি কোৱা সন্দৰ্ভত ৰিপুণ বৰাৰ উত্তৰ- “২ মে’ আহক, সকলোৱে জানিব কোনে কিমানখন আসন পায় ৷” ২ মে’ৰ ফলাফলত মহাজোঁটে কিমানখন আসন লাভ কৰিব বুলি কৰা এক প্ৰশ্নৰ উত্তৰত ৰিপুণ বৰাৰ মন্তব্য- “আসনৰ কথা নকওঁ, চৰকাৰ কিন্তু মহাজোঁটেই গঠন কৰিব ৷” নিৰ্বাচনী সভাত ১০১ খন আসন লাভ কৰাৰ কথা কোৱাৰ পিছত এতিয়া কিমান আসন লাভ কৰিব তাক লৈ নীৰৱতা অৱলম্বন কৰাৰ বিষয়টো তাৎপৰ্যপূৰ্ণ হিচাবে বিবেচিত হৈছে ৷












