পৰম্পৰা কিন্তু ব্যতিক্ৰমী...কাহিলি পুৱাতে ১০১ বিধ গছৰ পাত আৰু ফুল বিচাৰি ওলাল ৰাইজ
গৃহস্থ্যই কাহিলি পুৱাতে উঠি বাহি মুখে ১০১ বিধ ঔষধী গছৰ পাত আৰু ফুল সংগ্ৰহ কৰি ঘৰলৈ আনে।
গৃহস্থ্যই কাহিলি পুৱাতে উঠি বাহি মুখে ১০১ বিধ ঔষধী গছৰ পাত আৰু ফুল সংগ্ৰহ কৰি ঘৰলৈ আনে।
- News18 Assam
- Last Updated: April 14, 2021, 8:53 AM IST
এই ঔষধী গছৰ পাত আৰু ফুলসমুহ ঘৰৰ চৌহদত ৰাখিলে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ আৰু ৰোগ ব্যাধিৰ পৰা গৃহস্থই ৰক্ষা পৰে বুলি লোক বিশ্বাস প্ৰচলিত হৈ আছে ৷ পুৱাৰ ভাগত গৰু গা ধুৱাব নিয়াৰ পূৰ্ৱে গৃহস্থ্যই নেদেখাজনক সেৱা আৰু ভক্তি জনাই পাত আৰু ফুলসমুহ ঘৰৰ চৌহদৰ বিভিন্ন স্থানত সংস্থাপিত কৰে ৷ এই পৰম্পৰা অবিভক্ত গোৱালপাৰা জিলাৰ বঙাইগাঁৱতহে প্ৰচলিত হৈ আছে ৷ উক্ত পৰ্ব শেষ কৰিহে গৃহস্থই গোধনসমুহ নৈ , জলাশয় আদিত গা ধুৱাবলৈ নিয়ে ৷ গৃহস্থই লাউ বেঙেনাৰ মালা পিন্ধাই , দীঘলতিৰ পাতেৰে গৰুক কোবাই এনেদৰে শ্ৰীবৃদ্ধি কামনা কৰে ৷
দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত












