কপিল দেৱক কিয় মঞ্চত শ্ৰদ্ধাঞ্জলি জনালে জুবিনে? বঙাইগাঁৱত জুবিনৰ অনুষ্ঠানত সুৰাপায়ীয়ে এফালৰ পৰা ভাঙিলে প্লাষ্টিকৰ চকী।
কোনো কাৰণ নোহোৱাকৈ একাংশই বঙাইগাঁৱত জুবিনৰ অনুষ্ঠানৰ শেষত এফালৰ পৰা ভাঙিবলৈ আৰম্ভ কৰে প্লাষ্টিকৰ চকী ।
কোনো কাৰণ নোহোৱাকৈ একাংশই বঙাইগাঁৱত জুবিনৰ অনুষ্ঠানৰ শেষত এফালৰ পৰা ভাঙিবলৈ আৰম্ভ কৰে প্লাষ্টিকৰ চকী ।
- News18 Assam
- Last Updated: April 16, 2021, 11:00 AM IST
নিজৰ সংগীতানুষ্ঠানৰ মাজতে হঠাতে জুবিনে মঞ্চৰ পৰা কৰা এই ঘোষণাই স্তম্ভিত কৰি তোলে হাজাৰ হাজাৰ দৰ্শকক ৷ নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে প্ৰাক্তন ক্ৰিকেটাৰজনক শ্ৰদ্ধা জ্ঞাপন কৰি পুনৰ আৰম্ভ কৰিলে নিজৰ সংগীতানুষ্ঠান ৷ প্ৰাক্তন ক্ৰিকেটাৰজনৰ মৃত্যুক লৈ উৰা বাতৰি জুবিন গাৰ্গে ক’ত পালে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷
ইফালে বঙাইগাঁৱত আয়োজিত এই সাংস্কৃতিক সন্ধিয়া শেষ হোৱাৰ পিছত একাংশ উদণ্ড যুৱকে তাণ্ডৱ সৃষ্টি কৰে ৷ একাংশ দৰ্শকে বহু চকী ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ চৰকাৰৰ নীতি-নিৰ্দেশনাক সম্পূৰ্ণ সন্মান জনাই বিহু সন্মিলনীৰ অনুৰোধ মতে ৮:৩৫ বজাত মঞ্চত প্ৰৱেশ কৰি ১১ বজাত অনুষ্ঠান সামৰে শিল্পীগৰাকীয়ে ৷ এটাৰ পিছত এটা জনপ্ৰিয় গীতেৰে দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে শিল্পীগৰাকীয়ে ৷ দুবাৰকৈ শব্দযন্ত্ৰৰ যান্ত্ৰিক বিজুতিও জুবিনৰ সংগীতানুষ্ঠানক যতি পেলাব নোৱাৰিলে ৷

বঙাইগাঁৱত জুবিনৰ অনুষ্ঠানত একাংশ উদণ্ড লোকৰ তাণ্ডৱ।
প্ৰায় ১৫ হাজাৰৰো অধিক দৰ্শকে জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰে ৷ অনুষ্ঠান শেষ হোৱালৈ সকলোখিনি ঠিকেই আছিল ৷ কিন্তু অনুষ্ঠান শেষ হোৱাৰ পিছতে একাংশ উদণ্ড দৰ্শকে বিহুতলীত চলায় তাণ্ডৱ ৷ কোনো কাৰণ নোহোৱাকৈ এফালৰ পৰা ভাঙিবলৈ আৰম্ভ কৰে প্লাষ্টিকৰ চকী । সুৰাৰ ৰাগীত মাতাল হৈ এইদৰে এফালৰ পৰা চকী ভাঙিবলৈ ধৰা উদণ্ড দৰ্শকৰ কাৰ্যকলাপ বন্দী হ’ল নিউজ ১৮ ৰ কেমেৰাত ৷ অতি শান্তি শৃংখলাৱদ্ধভাৱে চলি থকা সাংস্কৃতিক অনুষ্ঠান এখনত এইদৰে একাংশ উদণ্ড যুৱকে কোনো কাৰণ নোহোৱাকৈ তাণ্ডৱ চলোৱাৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে ৷












