বিহুৰ দিনাৰ পৰাই অসমত আৰম্ভ হ’ল খিলঞ্জীয়া মুছলমানৰ পিয়ল; কিন্তু কোনে কৰিছে এই কাম? 

News18 Assam | News18-Assam
Updated:April 16, 2021, 3:36 PM IST
বিহুৰ দিনাৰ পৰাই অসমত আৰম্ভ হ’ল খিলঞ্জীয়া মুছলমানৰ পিয়ল; কিন্তু কোনে কৰিছে এই কাম? 
ৱেবচাইটটোত খিলঞ্জীয়া মুছলমান সকলে পূৰ্বে নিৰ্ধাৰিত কিছু নথি আপলোড কৰি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।

ৱেবচাইটটোত খিলঞ্জীয়া মুছলমান সকলে পূৰ্বে নিৰ্ধাৰিত কিছু নথি আপলোড কৰি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।

  • Share this:
অসমত আৰম্ভ হ’ল খিলঞ্জীয়া মুছলমানৰ পঞ্জীয়ন। জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসম নামৰ এটা সংগঠনে আৰম্ভ কৰিছে এই কাম। বিহুৰ দিনাখন এটা ৱেবচাইটৰ মুকলি কৰি অসমত বসবাস কৰি থকা খিলঞ্জীয়া মুছলমান লোকৰ নাম পঞ্জীয়নৰ কাম আৰম্ভ কৰিছে সংগঠনটোৱে। সংগঠনটোৱে এই কামৰ কাৰণে ১৮২৬চনক ভিত্তি বৰ্ষ হিচাপে লৈছে ।

১৮২৬ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসমক নিজৰ দখললৈ আনিছিল আৰু তেতিয়াই আহোম ৰাজত্বৰ অন্ত পৰিছিল। এই পিয়লত ইংৰাজে অসম দখল কৰাৰ পূৰ্বে অসমত বসবাস কৰি থকা মুছলমান ধৰ্মাৱলম্বী লোকসকলকহে খিলঞ্জীয়া হিচাপে গণ্য কৰা হৈছে ।

Jspacensus.com নামৰে এপ্ৰিলৰ ১৫ তাৰিখে মুকলি কৰা ৱেবচাইটটোৰ যোগেদি বেচৰকাৰী সংগঠনটোৱে গৰীয়া, মৰিয়া আৰু দেশী সকলক পঞ্জীয়ন কৰাৰ পৰিকল্পনা কৰিছে । মুছলমান ধৰ্ম গ্ৰহণ কৰা অসমৰ জনগোষ্ঠীয় মূলৰ লোকসকলক গৰীয়া বোলা হয়; মৰিয়া সকল হৈছে আহোম ৰজাই অস্ত্ৰ, বাচন বৰ্তন প্ৰস্তুত আৰু আন ধাতু-কৰ্মৰ কাৰণে অসমলৈ অনা লোক সকল। দেশী সকল মূলতঃ কোঁচ-ৰাজবংশী সম্প্ৰদায়ৰ মুছলমান ধৰ্ম গ্ৰহণ কৰা লোকে ।

সংগঠনটোৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে, এই প্ৰক্ৰিয়াত জলাহা সকলক অন্তৰ্ভুক্ত কৰা হোৱা নাই। কাৰণ তেওঁলোক মুছলমান ধৰ্ম গ্ৰহণ কৰাৰ পূর্বে আছিল চাহ-শ্ৰমিক। তেওঁলোকক ইংৰাজ সকলে চাহ-বাগিচাত নিয়োজিত কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ লৈ আহিছিল ।

ৱেবচাইটটোত খিলঞ্জীয়া মুছলমান সকলে পূৰ্বে নিৰ্ধাৰিত কিছু নথি আপলোড কৰি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। এই কামৰ কাৰণে তিনিমাহৰ সময়সীমা নিৰ্ধাৰিত কৰি লোৱা হৈছে। উল্লেখযোগ্য যে, ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ বিধানসভা নিৰ্বাচনত প্ৰকাশ কৰা ইস্তাহাৰত অসমীয়া মুছলমানৰ জাতিগত আৰু অৰ্থ-সামাজিক পিয়লৰ প্রতিশ্ৰুতি দিছিল ।
Published by: Himangshu Bhuyan
First published: April 16, 2021, 3:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি