Assam Election 2021, Counting: কোৰোণাৰ মহাসংক্ৰমণত কিদৰে হ'ব ২ মে'ৰ ভোটগণনা? নিৰ্বাচন আয়োগে কি লৈছে নতুন সিদ্ধান্ত?

News18 Assam | News18-Assam
Updated:April 19, 2021, 5:04 PM IST
Assam Election 2021, Counting: কোৰোণাৰ মহাসংক্ৰমণত কিদৰে হ'ব ২ মে'ৰ ভোটগণনা? নিৰ্বাচন আয়োগে কি লৈছে নতুন সিদ্ধান্ত?
ভোটগণনাত নিয়োজিত হ'বলগীয়া বিষয়া-কৰ্মীৰ কোভিড১৯ৰ পৰীক্ষা বাধ্যতামূলক। ভোটগণনা কেন্দ্ৰৰ কোঠাৰ সংখ্যা বৃদ্ধিৰ নিৰ্দেশ। কোভিড১৯ৰ প্ৰ'ট'কল মানি চলিবলৈ পৰামৰ্শ আয়োগৰ। 

ভোটগণনাত নিয়োজিত হ'বলগীয়া বিষয়া-কৰ্মীৰ কোভিড১৯ৰ পৰীক্ষা বাধ্যতামূলক। ভোটগণনা কেন্দ্ৰৰ কোঠাৰ সংখ্যা বৃদ্ধিৰ নিৰ্দেশ। কোভিড১৯ৰ প্ৰ'ট'কল মানি চলিবলৈ পৰামৰ্শ আয়োগৰ। 

  • Share this:
তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা অসম বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনাৰ দিন ২ মে'লৈ এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে ৷ বাট চাই ৰৈছে- কোনে এইবাৰ দিছপুৰৰ মছনদ দখল কৰিব ৷ হিল-দল ভাঙি ভোটাৰে এইবেলি সকলো ৰেকৰ্ড ভংগ কৰি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ৷ প্ৰথম পৰ্যায়ত ৭৯.৯৩%, দ্বিতীয় পৰ্যায়ত ৮০.৯৬% আৰু তৃতীয় পৰ্যায়ত ৮৫.২০% ভোটাধিকাৰ সাব্যস্ত হ'ল ৷ সৰ্বমুঠ ৮২.০৪% ভোটাধিকাৰ সাব্যস্ত হোৱাৰ পিছত এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ভোটগণনাৰ দিনটোলৈ ৷ ২ মে'ত ভোটগণনা হোৱাৰ দিনটোলৈ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰাৰ সময়তে আহিছে কোৰোণা মহামাৰীৰ দ্বিতীয়টো মহাসংক্ৰমণ ৷

দৈনিক বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা ৷ এই হিচাপত কোৰোণাত আক্ৰান্তৰ সংখ্যা বাঢ়ি থাকিলে আৰু ভোটগণনাত নিয়োজিত হ'বলগীয়া বিষয়া-কৰ্মীসকলো যদি আক্ৰান্ত হয়; তেন্তে কি হ'ব? প্ৰশ্ন হয়- সুচাৰুৰূপে ভোটগণনা সম্পন্ন কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে ৷

এই সন্দৰ্ভত ইতিমধ্যে কেতবোৰ পৰামৰ্শ আৰু নীতি-নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যিক নিৰ্বাচনী বিষয়াই ৷ ভোটগণনা কেন্দ্ৰৰ কোঠাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে জিলা নিৰ্বাচনী বিষয়াসকলক ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে ৷ লগতে ভোটগণনাত নিয়োজিত হ'বলগীয়া বিষয়া-কৰ্মীৰ কোভিড১৯ৰ পৰীক্ষা কৰাৰ পৰামৰ্শ আগবঢ়াইছে ৷ ভোটগণনাৰ দিনা কোভিড১৯ৰ প্ৰ'টকল মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

অৱশ্যে ভোটগণনাৰ দিনটোলৈ এতিয়াও তেৰটা দিন মাজত বাকী আছে ৷ এইসময়ছোৱাত উদ্ভৱ হোৱা পৰিৱেশ-পৰিস্থিতিক লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা যায় ৷
Published by: Manjumoni Borah
First published: April 19, 2021, 5:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি