দেওবাৰে অন্ত পৰিল ক্ৰিকেট, ছুইমিং, জিমৰ আখৰাৰ...যৱনিকা পৰিল বিলাসী ৰিজ'ৰ্টত ৪ দিনীয়া মহামিলনৰ!

News18 Assam | News18-Assam
Updated:April 25, 2021, 4:24 PM IST
দেওবাৰে অন্ত পৰিল ক্ৰিকেট, ছুইমিং, জিমৰ আখৰাৰ...যৱনিকা পৰিল বিলাসী ৰিজ'ৰ্টত ৪ দিনীয়া মহামিলনৰ!
দেওবাৰে হঠাৎ বিলাসী ৰিজ'ৰ্ট এৰিলে কংগ্ৰেছ প্ৰাৰ্থীসকলে৷ অৱশ্যে ৪দিনীয়া আলোচনাৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মনত এতিয়াও আতৰা নাই ভয় ৷

দেওবাৰে হঠাৎ বিলাসী ৰিজ'ৰ্ট এৰিলে কংগ্ৰেছ প্ৰাৰ্থীসকলে৷ অৱশ্যে ৪দিনীয়া আলোচনাৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মনত এতিয়াও আতৰা নাই ভয় ৷

  • Share this:
বিগত ২২ এপ্ৰিলৰ পৰা সাধাৰণ জীৱন নিৰ্বাহৰ পৰিৱৰ্তে বিলাসী ৰিজৰ্টত আমোদ প্ৰমোদত ব্যস্ত আছিল ২১ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছ প্ৰাৰ্থী ৷ এইসময়তে কোনোবাই যদি খেলে খেল, কোনোবাই ছুইমিং পুল অথবা জিমত ব্যস্ত হৈ পৰিছিল মহানগৰীৰ কাষতে থকা সোণাপুৰৰ এক ৰিজ'ৰ্টত ৷

মহামাৰীৰ এনে সময়ত কংগ্ৰেছৰ কাণ্ডক লৈ সৰ্বত্ৰ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷ তাৰ পিছত দেওবাৰে হঠাৎ বিলাসী ৰিজ'ৰ্ট এৰিলে কংগ্ৰেছ প্ৰাৰ্থীসকলে ৷ হৰ্ছ ট্ৰেডিঙক লৈ চলা এই ভয়, শংকাৰ বাবে কংগ্ৰেছে গ্ৰহণ কৰিছিল এই পদক্ষেপ ৷ অৱশ্যে ৪দিনীয়া আলোচনাৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মনত এতিয়াও আতৰা নাই ভয় ৷ ধন-বাহুবলৰ জোৰত থকা বিজেপিয়ে ক্ৰয় কৰিব পাৰে কংগ্ৰেছ প্ৰাৰ্থীক ৷ আসনৰ সংখ্যাৰ হিচাপ দি দি ভাগৰি পৰা ৰিপুণ বৰাই অৱশ্যে এইবাৰ আসন নহয় চৰকাৰ মহাজোঁটৰে হ'ব বুলি দাবী কৰিলে৷ ইপিনে জলকেলিত ব্যস্ত হৈ ফুটেজ ৰাজহুৱা কৰা এনে সদস্যৰ বিৰুদ্ধে দলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা বুলিও মন্তব্য কংগ্ৰেছ প্ৰাৰ্থী মনজিৎ মহন্তৰ ৷ আনকি এনে কাৰ্য সমৰ্থন নহয় বুলিও মন্তব্য থাওৰাৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্তৰ ৷ অৱশ্যে ৰিপুণ বৰাৰ দৃষ্টিত এটা সৰু কথা আখ্যা ইয়াক ৷ এয়া যিয়েই নহও কিন্তু এটা কথা নিশ্চিত মহাজোঁটৰ চৰকাৰ আহিলে ৰাজ্যত কোভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা বুলি দাবী কৰিছে ৰিপুণ বৰাই ৷ এনেদৰে কেইবাদিনীয়া বিলাসী ৰিজ'ৰ্টৰ বৈঠকৰ সামৰণি পৰিল কংগ্ৰেছৰ ৷ চৰকাৰ হওক নহওক পিছৰ কথা কিন্তু আগতীয়া ল'বলগীয়া সকলো সাৱধানতা অৱলম্বন কৰিছে যেন কংগ্ৰেছ দলে।
Published by: Kokil Sarma
First published: April 25, 2021, 4:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি