ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশনা- ৮ মে'লৈকে বন্ধ থাকিব পঞ্চম শ্ৰেণীলৈকে বিদ্যালয়ত পাঠদান!

News18 Assam | News18-Assam
Updated:April 18, 2021, 2:15 PM IST
ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশনা- ৮ মে'লৈকে বন্ধ থাকিব পঞ্চম শ্ৰেণীলৈকে বিদ্যালয়ত পাঠদান!
source-Google

অন্য জিলাৰ জিলা উপায়ুক্তসকলেও কোৰোণা পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি সক্ৰিয় ৰোগীৰ সংখ্যা ১০০ পাৰ হ'লে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিব পাৰিব।

  • Share this:
ৰাজ্যত দ্ৰুত হাৰত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। কোৰোণাৰ বাঢ়ি অহা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অহা ৮ মে'লৈকে পঞ্চম শ্ৰেণীলৈকে বিদ্যালয়ৰ পাঠদান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। পিছে প্ৰতিখন জিলাৰ বাবে নহয়  এই নিৰ্দেশনা। কামৰূপ মহানগৰ ,কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, নগাঁও ,শোণিতপুৰ, কাছাৰ, যোৰহাট আৰু তিনিচুকীয়া, এই আঠখন জিলাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ থাকিব।

উল্লেখ্য যে, এই আঠোখন জিলাত আজিৰ তাৰিখত  ১০০ তকৈ অধিক সক্ৰিয় কোৰোণা ৰোগী আছে। সংশ্লিষ্ট জিলা উপায়ুক্তসকলে নিজ নিজ জিলাত প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ  ৰখাৰ নিৰ্দেশ দিছে। অন্য জিলাৰ জিলা উপায়ুক্তসকলেও কোৰোণা পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি সক্ৰিয় ৰোগীৰ সংখ্যা ১০০ পাৰ হ'লে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিব পাৰিব।
Published by: Himangshu Bhuyan
First published: April 18, 2021, 2:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি