Explained: দেশত কোৰোণাৰ কালৰূপ! পূৰ্বৰ তুলনাত কিয় অধিক জটিল কোৰোণাৰ দ্বিতীয় ঢৌ?
ভাৰতত এতিয়ালৈকে ২৬.৬ কোটিৰো অধিক লোকৰ কোৰোণা পৰীক্ষা সম্পন্ন হৈছে। ইয়াৰ ভিতৰত ১.৪৭ কোটিৰো অধিক বা প্ৰায় ৫.৫% লোকৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে। কিন্তু বিগত এসপ্তাহত এই হাৰ ১৩.৫% তকৈও অধিক হৈছে।
ভাৰতত এতিয়ালৈকে ২৬.৬ কোটিৰো অধিক লোকৰ কোৰোণা পৰীক্ষা সম্পন্ন হৈছে। ইয়াৰ ভিতৰত ১.৪৭ কোটিৰো অধিক বা প্ৰায় ৫.৫% লোকৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে। কিন্তু বিগত এসপ্তাহত এই হাৰ ১৩.৫% তকৈও অধিক হৈছে।
- News18 Assam
- Last Updated: April 19, 2021, 4:55 PM IST
যদিও কেছলোডৰ শতাংশ হিচাপত কোৰোণাৰ ফলত হোৱা মৃত্যুৰ সংখ্যা এতিয়াও বিগত বছৰতকৈ কম হোৱা দেখিবলৈ পোৱা গৈছে, কিন্তু সেয়া কেতিয়াও দেশবাসীৰ বাবে সকাহৰ বিষয় হ'ব নোৱাৰে। কিয়নো বিগত কেইটামান দিনৰ পৰাই দেশত দিনে মৃত্যুৰ সংখ্যা ২,০০০ৰ দিশে আগবাঢ়িছে। আশংকা কৰা হৈছে যে, ভাৰতত দৈনিক মৃত্যুৰ সংখ্যা দিনে ৩,০০০ লৈ বৃদ্ধি হ'ব পাৰে।
ফেব্ৰুৱাৰীৰ মাজভাগত আৰম্ভ হোৱা দ্বিতীয় ঢৌৰ সময়ত মৃত্যুৰ হাৰ যথেষ্ট কম আছিল,যি সকাহৰ বিষয় আছিল। যদিও দৈনিক মৃত্যুৰ সংখ্যা অভিলেখ উচ্চতাত আছে, কিন্তু মৃত্যুৰ হাৰ বিগত বছৰতকৈ যথেষ্ট কম ।
কোৰোণাই সৰ্বাধিক ক্ষতি কৰা মহাৰাষ্ট্ৰই এক ভাল উদাহৰণ আগবঢ়ায় যে, ৰাজ্যখনে দিনে ৬০,০০০ৰো অধিক ঘটনা পোহৰলৈ আহিছে যদিও মৃত্যুৰ সংখ্যা এতিয়াও মাত্ৰ ৪০০ৰহে অধিক। বিগত সপ্তাহৰ তুলনাত ৰাজ্যখনৰ মৃত্যুৰ হাৰ সামগ্ৰিক হাৰৰ আধাতকৈও কম।
এতিয়ালৈকে মহাৰাষ্ট্ৰত সাপ্তাহিক চিএফআৰ ০.৮৯%। আনহাতে ইয়াৰ সামগ্ৰিক চিএফআৰ হৈছে ২.০৯%। সকলো ৰাজ্যতে এনে ধৰণৰ পৰিস্থিতি বিৰাজ নকৰে। উদাহৰণ স্বৰূপে, দিল্লী, ছত্তীশগড়, উত্তৰ প্ৰদেশ বা গুজৰাট আদি যিকেইখন ৰাজ্যত আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক, সেইসমূহ ৰাজ্যত সামগ্ৰিক চিএফআৰৰ দুগুণতকৈও অধিক। যি পূৰ্বতকৈ কোৰোণাৰ দ্বিতীয় ঢৌক অধিক মাৰাত্মক ৰূপত সূচাইছে।
জুলাইৰ পিছত প্ৰথমবাৰৰ বাবে, ভাৰতৰ সাপ্তাহিক চিএফআৰে সামগ্ৰিক চিএফআৰক অতিক্ৰম কৰিছে । ১.৭৭ লাখতকৈও অধিক মৃত্যু, আৰু ১,৪ কোটিৰো অধিক সংক্ৰমণৰ সৈতে, ভাৰতৰ সামগ্ৰিক চিএফআৰ হৈছে ১.৫২%। এয়া আন বহুতো দেশতকৈ কম। বিগত এসপ্তাহত ভাৰতত ৭,৮০০ ৰো অধিক মৃত্যুৰ ঘটনা ৰেজিষ্টাৰ কৰা হৈছে।












