হোজাইত উদ্বেগজনকভাৱে বৃদ্ধি কোৰোণা ৰোগীৰ সংখ্যা, প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ

News18 Assam | News18-Assam
Updated:April 20, 2021, 8:55 AM IST
হোজাইত উদ্বেগজনকভাৱে বৃদ্ধি কোৰোণা ৰোগীৰ সংখ্যা, প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ
সোমবাৰে জিলাখনত মুঠ ২৫২২ জনক পৰীক্ষা কৰা হয় ইয়াৰে ২৬ জনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে।

সোমবাৰে জিলাখনত মুঠ ২৫২২ জনক পৰীক্ষা কৰা হয় ইয়াৰে ২৬ জনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে।

  • Share this:
হোজাই জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা। কোভিড-১৯ সংক্ৰমিত ব্যক্তি এশৰো অধিক হোৱাত অসম চৰকাৰৰ অধিসূচনা মৰ্মে আজি হোজাই জিলা দণ্ডাধীশ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ সদনেক সিঙৰ আদেশযোগে হোজাই জিলাস্থিত সমূহ চৰকাৰী, ব্যক্তিগত খণ্ডৰ প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ লগতে প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীলৈকে ২০ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে পাঠদান বন্ধ ঘোষণা কৰিছে।

তাৰোপৰি সকলো ৰাজহুৱা স্থান আৰু কৰ্মক্ষেত্ৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। কোনো ব্যক্তিয়ে এই আদেশ অমান্য কৰিলে ১০০০ টকা জৰিমনা ভৰিব লাগিব বুলি বিবৃতিত উল্লেখ কৰিছে। তাৰোপৰিও সমূহ চৰকাৰী–বেচৰকাৰী শিক্ষানুষ্ঠান, চৰকাৰী–বেচৰকাৰী কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত থাৰ্মেল স্কেন আৰু ছেনিটাইজাৰৰ ব্যৱস্থা থকাটো ব্যাধ্যতামূলক কৰিছে।

তদুপৰি হোজাই জিলা উপায়ুক্তই কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত নীতি–নিৰ্দেশনাসমূহ সুচাৰুৰূপে পালন কৰিবলৈ জিলাবাসীক আহ্বান জনাইছে বুলি এক বিবৃতিতযোগে হোজাই জিলা জনসংযোগ বিষয়া নীৰা ৰায়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উল্লেখ্য যে হোজাই জিলাত কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ। সোমবাৰলৈকে হোজাইত কোভিড ৰোগীৰ সংখ্যা ১১১ জনলৈ বৃদ্ধি হয়৷ ইয়াৰে সৰ্বাধিক আক্ৰান্ত হয় ৰেলনগৰী লামডিঙত৷

সোমবাৰে জিলাখনত মুঠ ২৫২২ জনক পৰীক্ষা কৰা হয় ইয়াৰে ২৬ জনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে। হোজাইৰ ১১১ জন কোভিড আক্রান্তৰ ভিতৰত অধিকাংশক ঘৰতে চিকিৎসা কৰোৱাৰ বিপৰীতে তিনিজনক নিলবাগান আদৰ্শ চিকিৎসালয়ত এজনক খানাপাৰ চিকিৎসালয়ত চিকিৎসাধীন ভৰ্তি কৰোৱা হৈছে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া নীৰা ৰায়ে এক বিবৃতিযোগে জনাইছে।

তেওঁ আৰু জনোৱা মতে, এই আক্রান্ত সকলৰ ভিতৰত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দুজনক আৰু ঘৰত চিকিৎসাধীন হৈ থকা দুজন সহ মুঠ চাৰিজন সুস্থ হৈ উঠিছে যদিও এতিয়াও জিলাখনত ১০৭ জন কভিড  ৰোগী চিকিৎসাধীন হৈ আছে।
Published by: Sanjay Kumar Das
First published: April 20, 2021, 8:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি