Covid Situation in Assam: অসমত কি কি দিশত থাকিব নিষেধাজ্ঞা? কাইলৈ দিনটো হ'ব অতি গুৰুত্বপূৰ্ণ...কাৰণ জানি লওক

News18 Assam | News18-Assam
Updated:April 19, 2021, 5:13 PM IST
Covid Situation in Assam: অসমত কি কি দিশত থাকিব নিষেধাজ্ঞা? কাইলৈ দিনটো হ'ব অতি গুৰুত্বপূৰ্ণ...কাৰণ জানি লওক
ল'কডাউনৰ সম্ভাৱনা নুই নকৰিলে মুখ্যমন্ত্ৰীয়ে!

ল'কডাউনৰ সম্ভাৱনা নুই নকৰিলে মুখ্যমন্ত্ৰীয়ে!

  • Share this:
ৰাজ্যত উদ্বেগজনক ভাবে বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। শেহতীয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষী সঞ্চালক প্ৰধান, মুখ্য সচিবৰ লগতে ৰাজ্য চৰকাৰৰ প্ৰায় সকলো শীৰ্ষ বিষয়াই ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত এখন জৰুৰী বৈঠকত মিলিত হয়।

ইফালে কাইলৈৰ দিনটো হ'ব অসমবাসীৰ কাৰণে গুৰুত্বপূৰ্ণ। কাৰণ কাইলৈ দিনটোতে সংবাদমেল সম্বোধন কৰি মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানে শেহতীয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেতবোৰ নীতি-নিৰ্দেশনা ঘোষণা কৰিব। সেইদৰে আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা হ'বনে নহয়, সেয়াও আনুষ্ঠানিক ভাবে ঘোষণা কৰা হ'ব।

ল'কডাউনৰ সম্ভাৱনা নুই নকৰিলে মুখ্যমন্ত্ৰীয়ে!

বৈঠকৰ শেষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল'কডাউন নহ'ব বুলি পোনপটীয়াকৈ উল্লেখ নকৰিলে। ল'কডাউন হোৱা পৰিবেশ যাতে নাহে, সেইটো সকলোৱে চিন্তা কৰিব লাগে  বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, 'পৰিস্থিতি লগত মোকাবোলা কৰিবলৈ চৰকাৰৰ নীতি নিৰ্দেশনা ৰাইজে মানি চলিব লাগিব। অসমৰ প্ৰতিগৰাকী নাগৰিকক কোৰোণাৰ পৰা ৰক্ষা কৰা আমাৰ প্ৰধান দায়িত্ব। ' মাস্ক পৰিধান, সামাজিক দূৰত্বত, হাত চেনিটাইজ কৰাৰো আহ্বান  মুখ্যমন্ত্ৰীৰ।
Published by: Himangshu Bhuyan
First published: April 19, 2021, 5:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি