ৰঙালীৰ আনন্দৰ মাজতে পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃক।

News18 Assam | News18-Assam
Updated:April 15, 2021, 2:33 PM IST
ৰঙালীৰ আনন্দৰ মাজতে পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃক।
চাপৰৰ ৰঙামাটিৰ চচলাপাৰা ২য় খণ্ডত হত্যাকাণ্ড। পাষণ্ড পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ পিতৃক।

চাপৰৰ ৰঙামাটিৰ চচলাপাৰা ২য় খণ্ডত হত্যাকাণ্ড। পাষণ্ড পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ পিতৃক।

  • Share this:
নিজ পুত্ৰৰ ঘোচাত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ। মানুহ বিহুৰ দিনাই চাপৰৰ ৰঙামাটিৰ ছাছলাপাৰা দ্বিতীয় খণ্ড গাৱত এই ভয়ংকৰ ঘটনা। পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা। নিহত পিতৃ গৰাকীৰ নাম কুদৰোদ উল্লাহ সেখ বুলি জানিব পৰা গৈছে। হত্যাকাৰী পুত্ৰ গৰাকীৰ নাম হানিবুল সেখ বুলি জানিব পৰা গৈছে।

ঘটনাক কেন্দ্ৰ কৰি চাপৰৰ ৰঙামাটিৰ ছাছলাপাৰা দ্বিতীয় খণ্ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু হত্যাকাৰী হানিবুল সেখৰ লগতে  হানিফ সেখ আৰু এগৰাকী মহিলাক কৰায়ত্ত কৰি চাপৰ থানালৈ লৈ যায়।
Published by: Kokil Sarma
First published: April 15, 2021, 1:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি