Dibrugarh: AMCHত একেদিনাই কৰোণাত প্ৰাণ গ'ল দুজনৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৬গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত কোৰোণাৰ অৱস্থিতি
বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত ৫০জন কোৰোণাত আক্ৰান্ত ৰোগীৰ চিকিৎসা চলাই থকা হৈছে।
বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত ৫০জন কোৰোণাত আক্ৰান্ত ৰোগীৰ চিকিৎসা চলাই থকা হৈছে।
- News18 Assam
- Last Updated: April 23, 2021, 10:25 PM IST
৪৮ বছৰীয়া সীমান্ত বুঢ়াগোহাঁইৰ ঘৰ যোৰহাট জিলাত। ডিব্ৰুগড়ৰ চিৰিংচাপৰিৰ আত্মীয় ঘৰত আলহী খাবলৈ আহোতেই আক্ৰান্ত হৈছিল কোৰোণাত। আনহাতে আজিৰ দিনটোতে কোৰোণাত প্ৰাণ গ'ল দীপক চাহু নামৰ আন এজন লোকৰ। ৪৫বছৰীয়া দীপক চাহুৰ ঘৰ লাহোৱালত। যোৱা ২১ এপ্ৰিলত কৰোণাত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছিল দীপক চাহু। অৱশ্যে দুয়োজনেই মধুমেহ আৰু আন আন ৰোগত আক্ৰান্ত আছিল বুলি সদৰি কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা০সঞ্জীৱ কাকতীয়ে।
বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত ৫০জন কোৰোণাত আক্ৰান্ত ৰোগীৰ চিকিৎসা চলাই থকা হৈছে। তাৰেই ৩জন গুৰুতৰ ভাবে অসুস্থ। ইয়াৰ লগতে চিকিৎসা মহাবিদ্যালয়খনত কোৰোণা ৰোগীৰ বাবে ৩০০খন বিচনা সাজু কৰি ৰখা হৈছে।












