Fire In Fancy Bazar: মহানগৰীৰ ফাঁচীবজাৰত বিধ্বংসী অগ্নিকাণ্ড। দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত লাগিল জুই।

News18 Assam | News18-Assam
Updated:April 16, 2021, 7:25 PM IST
Fire In Fancy Bazar: মহানগৰীৰ ফাঁচীবজাৰত বিধ্বংসী অগ্নিকাণ্ড। দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত লাগিল জুই।
ফাঁচীবজাৰৰ শ্বপাৰ্ছ প‌ইণ্টৰ সমীপৰ আক্ৰাম মাৰ্কেটৰ এখন ৰেষ্টুৰেণ্টত লাগে জুই। দ্যা লণ্ডন শ্বেক ৰেষ্টুৰেণ্টৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত।

ফাঁচীবজাৰৰ শ্বপাৰ্ছ প‌ইণ্টৰ সমীপৰ আক্ৰাম মাৰ্কেটৰ এখন ৰেষ্টুৰেণ্টত লাগে জুই। দ্যা লণ্ডন শ্বেক ৰেষ্টুৰেণ্টৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত।

  • Share this:
ৰঙালীৰ আনন্দৰ মাজতে মহানগৰীৰ ফাঁচীবজাৰত বিধ্বংসী অগ্নিকাণ্ড। ফাঁচীবজাৰৰ শ্বপাৰ্ছ প‌ইণ্টৰ সমীপৰ আক্ৰাম মাৰ্কেটৰ এখন ৰেষ্টুৰেণ্টত সংঘটিত লাগে জুই।

অগ্নিকাণ্ডৰ সময়ত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে বুলি জনায় স্থআনীয় লোকে।অগ্নিকাণ্ডৰ ফলত সদা ব্যস্ত অঞ্চলটোত সৃষ্টি হয় এক হুৱাদুৱা পৰিৱেশৰ।

জানিব পৰা মতে গৈছে দ্যা লণ্ডন শ্বেক ৰেষ্টুৰেণ্টৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

ৰেষ্টুৰেণ্টৰ চিলিণ্ডাৰ বিস্তফোৰিত হৈয়েই অগ্নিকাণ্ড হোৱা বুলি অনুমান কৰা হৈছে।

অগ্নিকাণ্ডত ভস্মীভূত হৈছে কেইবালক্ষাধিক টকাৰ সামগ্ৰী। খবৰ পোৱা লগে লগে ঘটনাস্থলীত উপস্থিত হৈ জৰুৰী সেৱা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে জুই নিয়ন্ত্ৰণ কৰে।

এক ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল ফাঁচীবজাৰৰ বৃহত্তৰ অঞ্চল।
Published by: Manjumoni Borah
First published: April 16, 2021, 7:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি