আজি গৰু বিহুঃ গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা ৰাজ্যবাসীৰ, বিভিন্ন প্ৰান্তত উখল মাখল পৰিৱেশ

News18 Assam | News18-Assam
Updated:April 14, 2021, 8:24 AM IST
আজি গৰু বিহুঃ গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা ৰাজ্যবাসীৰ, বিভিন্ন প্ৰান্তত উখল মাখল পৰিৱেশ
'লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু৷'

'লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু৷'

  • Share this:
কোৰোণাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যবাসীয়ে আদৰিছে হেঁপাহৰ ৰঙালী বিহুক।  আজি গৰু বিহু। গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা ৰাজ্যবাসীৰ। ৰাজ্যৰ প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। টীয়কতো গৰু বিহুৰ ব্যাপক আয়োজন। টীয়কত গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে মাহ হালধীৰে নোৱাই-ধুৱাই জাঁজীনদীত গৰু গা ধোৱালে ৰাইজে।

বাপতি সাহোন বিহু এইবাৰ পিছে পূৰ্বৰ উছাহেৰে পালন কৰিব পৰা নাই অসমীয়াই ৷ কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে ঠায়ে ঠায়ে ম্লান কৰিছে ৰঙালীৰ আনন্দ।

গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। সন্ধিয়া গৰুক আদৰ-সাদৰেৰে গোহালিলৈ অনা হয়৷ পিছত নতুন পঘাৰে গৰুক বন্ধাৰ উপৰিও গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত তথা ন-বিছনীৰে বিচি দি পিঠা-পনা খুওৱা হয়।
Published by: Himangshu Bhuyan
First published: April 14, 2021, 8:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি