কোৰোণা আৰু কেৰিয়াৰ! অনিশ্চয়তাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী
কোৰোণাই বিপদ মাতিছে অসমৰ বহু ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰলৈ।
কোৰোণাই বিপদ মাতিছে অসমৰ বহু ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰলৈ।
- News18 Assam
- Last Updated: April 18, 2021, 4:10 PM IST
ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ে স্নাতক ষান্মাসিকৰ পৰীক্ষা সমূহ পিছুৱাই দিছে। ইয়াৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰা, নকৰাক লৈ বৰ্তমানলৈকে কোনোধৰণৰ স্পষ্ট নীতি-নিৰ্দেশনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা নাই। ইয়াৰ ফলত চিন্তিত হৈ পৰিছে পৰীক্ষাৰ্থীসকল।
দেওবাৰে নগাঁও প্ৰেছ ক্লাৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বিভিন্ন মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষা বাতিল অথবা পিছুৱাই দিয়াৰ সলনি অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়।
সেইদৰে স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা কটন বিশ্ববিদ্যালয়ে পূৰ্বেই অনুষ্ঠিত কৰিছে যদিও আন আন ষান্মাসিক সমূহৰ পৰীক্ষাৰ ক্ষেত্ৰত কটন বিশ্ববিদ্যালয়েও কোনো স্পষ্ট নীতি-নিৰ্দেশনা বৰ্তমানলৈকে জাৰি কৰা নাই।












