হাজোত নৃশংস হত্যাকাণ্ড। পিতৃক লাঠীৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ ২পুত্ৰৰ বিৰুদ্ধে
ৰাজ্যত ক'ৰোণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে তীৰ্থনগৰী হাজোত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। হাজোৰ দেহৰকুৰিহাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।
ৰাজ্যত ক'ৰোণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে তীৰ্থনগৰী হাজোত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। হাজোৰ দেহৰকুৰিহাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।
- News18 Assam
- Last Updated: April 25, 2021, 4:35 PM IST
দুই পুত্ৰই লাঠিৰে মৰিয়াই মৰিয়াই পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা অনুসৰি শনিবাৰে দিনৰ ভাগত নিচা জাতীয় দ্ৰব্য সেৱন কৰাৰ বাবে পিতৃ আব্দুল জলিলৰ পৰা বিচাৰিচিল দুই পুত্ৰই ধন আৰু বিছৰা ধন নিদিয়াৰ বাবেই দুই পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশই।এই ঘটনাৰ পিছতে দুই অভিযুক্ত ক্ৰমে আদিতৰ ৰহমান আৰু আব্দুল কাদিৰ পলাতক অৱস্থাত আছে। ইতিমধ্যে ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে হত্যাকাণ্ড সন্দৰ্ভত আব্দুল জলিলৰ জ্যেষ্ঠ পুত্ৰ মতিউৰ ৰহমানক সোধ-পোছ অব্যাহত ৰাখিছে। উল্লেখ্য যে, নিচা জাতীয দ্ৰব্যৰ বেহা গাঁও অঞ্চলত অবৈধ হাৰত গঢ় লৈ উঠাত এনেধৰ অপৰাধজনিত ঘটনা সঘনাই সংঘটিত হ'বলৈ পাইছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।












