Himanta Biswa Sarma Press meet: হ'বনে মেট্ৰিক আৰু HS চূড়ান্ত পৰীক্ষা? ল'কডাউনৰ সম্ভাৱনা কিমান? এনে ঠাইত পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব বিদ্যালয়ৰ পাঠদান
সংবাদমেলত মন্ত্ৰী শৰ্মাৰ মন্তব্যঃ
সংবাদমেলত মন্ত্ৰী শৰ্মাৰ মন্তব্যঃ
- News18 Assam
- Last Updated: April 17, 2021, 5:25 PM IST
সংবাদমেলত মন্ত্ৰী শৰ্মাৰ মন্তব্যঃ
- দুটা প্ৰত্যাহ্বান আছিল বিধানসভা নিৰ্বাচন আৰু ৰঙালী বিহু ৷ দুয়োটাই সুকলমে পাৰ কৰিব পাৰিছো ৷ ক'ভিডৰ পৰিস্থিতি বেয়া হৈ আছে ৷ বৰ্তমান ৪ হাজাৰ ৬৯ জন সক্ৰিয় ৰোগী আছে ৷ ১০ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ পজিটিভ কেছ ৪৮৪ গৰাকী ৷ যোৱা সপ্তাহত ৫০ হাজাৰ টেষ্ট কৰি ৪৮৪ গৰাকী পোৱা গৈছে ৷
- যি জিলাত ১০০ তকৈ অধিক পজিটিভ কেছ আছে তাত পঞ্চম শ্ৰেণীলৈকে স্কুল সমূহ বন্ধ থাকিব। জিলা উপায়ুক্তৰ নিৰ্দেশত প্ৰাৰ্থমিক বিদ্যালয় সমূহ বন্ধ থাকিব ৷কামৰূপ মেট্ৰ, কামৰূপ, ডিব্ৰুগড়,নগাওঁ, শোনিতপুৰ, কাছাৰত ১০০ তকৈ অধিক এক্টিভ কেছ আছে ৷ কাইলৈৰ পৰা বন্ধ কৰিব ৷
- অক্সিজৈনৰ নাটনিৰ ক্ষেত্ৰত চৰ্চা হৈ আছে ৷ অসমত অক্সিজেন ধৰি ৰখাৰ বাবে ২৪০ মেট্ৰিকটন ব্যৱস্থা আছে ৷ প্ৰতিদিনে ৪০ মেট্ৰিকটন প্ৰয়োজন হয়। কিন্তু বৰ্তমান ২৮৮ মেট্ৰিকটন মজুত আছে ৷
- ১৯ টা অক্সিজেন কাৰখানা বনোৱা হৈছে ৷ ৪৫ দিনৰ ভিতৰত প্ৰত্যেক হাস্পতালত অক্সিজেন কাৰখানা নিৰ্মাণ কৰা হ'ব ৷ প্ৰত্যেক দিনা ১০ হাজাৰ কোৰোণা পজিটিভ ৰোগী চিনাক্ত হ'লেহে অক্সিজেনৰ অসুবিধা নহয় ৷
- অসমত বৰ্তমান ১২,৮৬১ ৰেমডিচিবি বেজি আছে ৷ এপ্ৰিল মাহত নাটনি নহয় ৷ আজি ৫ হাজাৰ পাম। ২৬ এপ্ৰিল তাৰিখে আৰু ৫ হাজাৰ পাম ৷ পেথিক ডজৰ বজাৰ মূল্য ৪ হাজাৰ মূল্য ৷ চৰকাৰী মূল্য ১,৬৫২ টকা পোৱা যাব ৷ বিপিএল লোক সকলে বিনামূল্যকৈ লাভ কৰিব।এই পৰ্যন্ত ১৫ লাখ তকৈ অধিক লোকক ভকচিন দিয়া হৈছে ৷ ৬ লাখ ৭ হাজাৰ ভেকচিন আছে ৰাজ্যত আছে ৷
- দেওবাৰৰ পৰা ছেকেণ্ড ডোজ ল'ব পাৰিব ৷ প্ৰথম ডোজো ল'ব পাৰিব ৷ জিলা উপায়ুক্ত সকলক বিদ্যালয় মহাবিদ্যালয়ত কেম্প পাতি ভেকচিন দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
- যিসকল শিক্ষকৰ বয়স ৪৫ বছৰৰ ওপৰত, তেওঁলোককক ভেকচিন প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব ৷
- ল'কডাউন ৰ কোনো কথা নাই।
- নতুন চৰকাৰ নোহোৱা পৰ্যন্ত ছেবাই মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা নকৰাৰ সন্দৰ্ভত অভিভাৱকৰ সৈতে আলোচনা কৰিব। আৰু নতুন চৰকাৰক প্ৰতিবেদন দিব। সেই লৈ পৰৱৰ্তী চিন্তা কৰা হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো একেই নিয়মেই প্ৰযোজ্য হ'ব।












