দেশত কোৰোণাৰ দ্বিতীয় ঢৌ, আকৌ বিধ্বস্ত হ’ব নেকি কাজিৰঙাৰ পৰ্যটন উদ্যোগ!
এপ্ৰিল, মে’ মাহত সততে কাজিৰঙালৈ আগমন ঘটে বহিঃৰাজ্যৰ পৰ্যটকৰ। বিশেকৈ বহিঃৰাজ্যৰ পৰ্যটকে বহু হোটেল বুকিং কেঞ্চেল কৰিছে বুলি জানিব পৰা গৈছে।
এপ্ৰিল, মে’ মাহত সততে কাজিৰঙালৈ আগমন ঘটে বহিঃৰাজ্যৰ পৰ্যটকৰ। বিশেকৈ বহিঃৰাজ্যৰ পৰ্যটকে বহু হোটেল বুকিং কেঞ্চেল কৰিছে বুলি জানিব পৰা গৈছে।
- News18 Assam
- Last Updated: April 16, 2021, 8:50 AM IST
বিগত বৰ্ষত কোৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত পৰ্যটকৰ বাবে আধাতে বন্ধ কৰি দিয়া হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী, হাতী ছাফাৰী আৰু ব্যক্তিগত হোটেল ব্যৱসায়ী তীব্ৰ সংকটৰ মুখামুখি হৈছিল। আনকি একাংশ ব্যক্তিগত অতিথিশালাত কৰ্মৰত যুৱক–যুৱতীক পৰিতোষিক দিব নোৱাৰি কামৰ পৰা চাটাই কৰিছিল কৰ্তৃপক্ষই।
পৰৱৰ্তী সময়ত ক্ৰমাৎ কোৰোণাৰ ভয়াৱহতা কমাত পুনৰ জীৱিকাৰ পথ সূচল হৈছিল বহু নিবনুৱা যুৱক–যুৱতীৰ। কিন্তু আকৌ কোৰোণাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশত আতংকৰ সৃষ্টি কৰাত চিন্তাত পৰিছে কাজিৰঙাত পৰ্যটনৰ লগত জড়িত লোকসকল। কাজিৰঙাত জীপ ছাফাৰীৰ জৰিয়তে পৰিয়াল পোহপাল দি আহিছে প্ৰায় পাঁচ শতাধিক নিবনুৱা যুৱকে। লগতে, কাজিৰঙাৰ অঞ্চলত থকা প্ৰায় ৯০ খনতকৈ অধিক ব্যক্তিগত হোটেলত কৰ্মৰত আছে কাজিৰঙাৰ সহস্ৰাধিক যুৱক–যুৱতী। কাজিৰঙাৰ দাঁতিকাষৰীয়া অধিকাংশ লোকেই কাজিৰঙাৰ পৰ্যটনৰ লগত জড়িত।
চৰকাৰক এতিয়া পৰ্যটন ব্যৱসায়ীৰ আহ্বান, সময় উপযোগী ব্যৱস্থালৈ পৰ্যটক অহাৰ ব্যৱস্থা কৰি কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ীসকলক উপকৃত কৰক। আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষয়ো বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। বিগত বৰ্ষ সমূহৰ দৰে এইবাৰ কাজিৰঙাত বিদেশী পৰ্যটক নাই। চলিত পৰ্যটন বৰ্ষত দেশীয় পৰ্যটকৰ সংখ্যা পূৰ্বৰ তুলনাত বেছি যদিও বিদেশী পৰ্যটক কাজিৰঙালৈ নহাৰ বাবে সংগৃহীত ৰাজহৰ পৰিমাণ কম। সেয়েহে আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে বুলি জানিবলৈ উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে।












