হৰ্ছ ট্ৰেডিঙৰ আশংকা! ৰাজস্থানৰ বিলাসী হোটেলত অৱসৰ বিনোদন মহাজোঁটৰ প্ৰাৰ্থীৰ, ব্যৱহাৰ কৰিবলৈ দিয়া নাই মোবাইল ফোন!
Hotel Fairmount in Jaipur where AIUDF candidates are staying.
২ মে'ত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। কিন্তু তাৰ পূৰ্বেই এতিয়া হৰ্ছ ট্ৰেডিঙৰ আশংকাত ভুগিছে কংগ্ৰেছ- AIUDF।
- News18 Assam
- Last Updated: April 10, 2021, 1:58 PM IST
ৰাজস্থানৰ ফেয়াৰ মণ্ট হোটেলত বাহৰ পাতি আছে দুয়োটা দলৰে প্ৰায় ২২গৰাকী প্ৰাৰ্থীয়ে। শুকুৰবাৰে জয়পুৰৰ এয়াৰপৰ্টত কোৰোণা পৰীক্ষা কৰোৱাৰ পিছত পুনে পুনে প্ৰাৰ্থীসকলক হোটেলখনলৈ লৈ যায় ৰাজস্থান কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। হোটেল খনৰ একেটা ফ্লৰতে ৰখা হৈছে আটাইকেইজন প্ৰাৰ্থীক। আনকি ব্যৱহাৰ কৰিবলৈ দিয়া নাই মোবাইল ফোন।দলটোৰ নেতৃত্বত আছে AICCৰ নেতা পৃথ্বীৰাজ ছাথে।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য মতে, জয়পুৰত বাহৰ পাতিছে ছামছুল হুদা, বছিৰ কাচিমী, মিনাক্ষী ৰহমান, নিজানুৰ ৰহমান, ফণীধৰ তালুকদাৰ, ৰাজীৱ আহমেদ, আমিনুল ইছলাম, ৰফিকুল ইছলাম, নিজামুদ্দিন চৌধুৰী, আশ্ৰাফুল হুছেইন, কৰিমুদ্দিন বৰভূঞা, জাকিৰ হুছেইন লস্কৰ,নুৰুল হুদা, শ্বেৰমান আলীয়ে।
আনহাতে এই সমগ্ৰ ঘটনাক নাটক আখ্যা দিছে বিজেপিৰ বোকাজানৰ প্ৰা্ৰথী ডা০ নোমল মমিনে। নোমল মমিনে কয় যে.'আজমলে নাটক কৰিছে ৷ এই নাটক কৰি লাভ নাই ৷ কংগ্ৰেছেও নাটক কৰিছে ৷ BJPএ ৮৫খন আসন পাম ৷ একক সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত ক'ত হৰ্ছ ট্ৰেডিঙৰ প্ৰয়োজন আছে? এইবোৰ আজমলৰ নাটকৰ বাহিৰে একো নহয় ৷ অসমৰ পৰা পলাই যোৱাসকল সকলো হাৰিব নিৰ্বাচনত ৷ সেয়ে অসম এৰি পলাইছে।'












