ৰহাৰ খাইগড়ৰ কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত।দোষীক উচিত শাস্তি বিহাৰ দাবীত প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ...

News18 Assam | News18-Assam
Updated:April 25, 2021, 9:45 PM IST
ৰহাৰ খাইগড়ৰ কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত।দোষীক উচিত শাস্তি বিহাৰ দাবীত প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ...
ৰহাৰ খাইগড়ত বৃহস্পতিবাৰে সংঘটিত হোৱা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। বিভিন্ন দল-সংগঠনে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়।

ৰহাৰ খাইগড়ত বৃহস্পতিবাৰে সংঘটিত হোৱা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। বিভিন্ন দল-সংগঠনে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়।

  • Share this:
ৰহাৰ খাইগড়ত বৃহস্পতিবাৰে সংঘটিত হোৱা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। বৃহস্পতিবাৰে খাইগড়ৰ প্ৰকাশ কুমাৰ বৰঠাকুৰৰ ঘৰত এগৰাকী বন কৰা কিশোৰীৰ ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ পিছত বিভিন্ন দল-সংগঠনে ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি হত্যাকাৰীক চৰম শাস্তিৰ দাবী জনাই আহিছে।

বন কৰা কিশোৰীগৰাকী মালিক প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰই হত্যা কৰি জ্বলাই দিয়া বুলি অভিযোগ তুলিছে সংগঠনসমূহে। এই ঘটনাৰ সন্দৰ্ভত ৰহা আৰক্ষীয়ে ৰহা থানাত ৯৭/২১ নম্বৰত ৩০২, ১২০বি ধাৰাত এটা গোচৰ ৰুজু কৰি  অভিযুক্ত পিতা-পুত্ৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত  ইয়াৰ ৰহস্য মাৰ যোৱা নাই।  ইপিনে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া অব্যাহত আছে। ৰহা আঞ্চলিক সাংবাদিক সন্থায়ো এই ঘটনাৰ তীব্ৰ গৰিহণা দি ইয়াৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দাবী কৰাৰ লগতে শিশু আইন ভংগকাৰীক কঠোৰ শাস্তি বিহাৰ দাবী তোলে।

দেওবাৰে ৰহাত সকলোবোৰ জাতীয় সংগঠনৰ এক যৌথ সভা অনুষ্ঠিত হয়। সভাত  অভিযুক্তৰ হৈ কোনো অধিবক্তাই যাতে সহযোগ নকৰে তাৰবাবে অধিবক্তাসকলক যৌথ সভাই আহ্বান জনাইছে। ৰহাৰ খাইগড়ত কিশোৰীগৰাকীৰ মৃত্যুৱে সকলোকে ম্ৰিয়মান কৰি তুলিছে। সৰ্বত্ৰে প্ৰতিবাদৰ ঢৌ আৰু দোষীক ফাঁচি দিয়াৰ দাবী উত্থাপিত হৈ থকাৰ সময়তে দেওবাৰে সন্ধিয়া ৰহাত বেচৰকাৰী সংগঠন নৱদ্বীপ সংঘ, ট্ৰাইবেল সংঘ, আছু, এজেৱাইচিপি, মাছ, তিৱা ছাত্ৰ সন্থা, প্ৰগতিশীল নাৰী সন্থা আদি সংগঠনে ৰহা নতুন চাৰিআলিত এশ এগচি বন্তি প্ৰজ্বলন কৰি কিশোৰীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰে।

ইপিনে কামপুৰতো এই ঘটনাৰ লগত জড়িত হত্যাকাৰীক শাস্তিৰ দাবী তোলাৰ লগতে  আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰা লগতে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে কামপুৰৰ সচেতন ব্যক্তিসকলে। কামপুৰৰ চাইবুক গাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাইবুক মহিলা সংগঠনকে ধৰি কেইবাটাও দল ,সংগঠনে। হাতে হাতে প্লে কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদত উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । দোষীক অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰো দিয়ে প্ৰতিবাদকাৰীসকলে ।
Published by: Kokil Sarma
First published: April 25, 2021, 9:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি