কোনে কয় চৰকাৰী বিদ্যালয়ত নামভৰ্তি বিনামূলীয়া! নামভৰ্তিৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা জোৰকৈ ধন সংগ্ৰহত নামিছে প্ৰধান শিক্ষয়িত্ৰী

News18 Assam | News18-Assam
Updated:April 17, 2021, 10:20 AM IST
কোনে কয় চৰকাৰী বিদ্যালয়ত নামভৰ্তি বিনামূলীয়া! নামভৰ্তিৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা জোৰকৈ ধন সংগ্ৰহত নামিছে প্ৰধান শিক্ষয়িত্ৰী
নামভৰ্তিৰ নামত বিদ্যালয়তে বজাৰ খুলিছে প্ৰধান শিক্ষয়িত্ৰীয়ে!

নামভৰ্তিৰ নামত বিদ্যালয়তে বজাৰ খুলিছে প্ৰধান শিক্ষয়িত্ৰীয়ে!

  • Share this:
নামভৰ্তিৰ নামত বিদ্যালয়তে বজাৰ খুলিছে প্ৰধান শিক্ষয়িত্ৰীয়ে। ৰঙিয়াত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰধান শিক্ষয়িত্ৰীয়ে লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বীণাপাণি দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি চৰকাৰী বিদ্যালয়ত নাম ভৰ্তি সম্পূৰ্ণ বিনামূলীয়া। কিতাপ পত্ৰও বিনামূলীয়াকৈ যোগান ধৰা হয় । কিন্তু নামভৰ্তিৰ বাবদ অথবা কিতাপৰ নামত ধন সংগ্ৰহত নামি পৰিছে প্ৰধান শিক্ষয়ত্ৰী বীণাপাণি দাস।



নৱম আৰু দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰীসকলৰ পৰা জোৰকৈ লৈছে ২৮০ টকাকৈ। ঠিক সেইদৰে ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰা লৈছে ৫০ টকাকৈ।ইফালে ছাত্ৰ-ছাত্ৰীয়ে ধন সংগ্ৰহৰ ৰচিদ বিচাৰিলে শিক্ষয়িত্ৰীগৰাকীয়ে ধমক দিয়াৰ লগতে প্ৰশ্ন কৰা অভিভাৱকসকলকো দুব্যৱহাৰ কৰি বিদ্য়ালয়ৰ পৰা খেদি পঠিওৱাৰ অভিযোগ উঠিছে।

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, কাৰ আশীৰ্বাদত প্ৰধান শিক্ষয়ত্ৰী বীণাপাণি দাসে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা এনদৰে ধন সংগ্ৰহত নামিছে?
Published by: Himangshu Bhuyan
First published: April 17, 2021, 10:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি