ৰঙিয়াত পেট্ৰ’ল পাম্পত তেল ভৰাবলৈ অহা সকলো গ্ৰাহককে বিহুৱান দিলে কৰ্তৃপক্ষই

News18 Assam | News18-Assam
Updated:April 15, 2021, 8:53 AM IST
ৰঙিয়াত পেট্ৰ’ল পাম্পত তেল ভৰাবলৈ অহা সকলো গ্ৰাহককে বিহুৱান দিলে কৰ্তৃপক্ষই
যুৱতী কৰ্মচাৰীসকলে মেখেলা–চাদৰ পৰিধান কৰি নিজৰ কৰ্মত ব্যস্ত হোৱাৰ বিপৰীতে যুৱক কৰ্মচাৰীসকলে ধুতি-গেঞ্জী পৰিধান কৰি পহিলা ব’হাগৰ দিনটোত নিজৰ কৰ্মত ব্যস্ত হৈছে।

যুৱতী কৰ্মচাৰীসকলে মেখেলা–চাদৰ পৰিধান কৰি নিজৰ কৰ্মত ব্যস্ত হোৱাৰ বিপৰীতে যুৱক কৰ্মচাৰীসকলে ধুতি-গেঞ্জী পৰিধান কৰি পহিলা ব’হাগৰ দিনটোত নিজৰ কৰ্মত ব্যস্ত হৈছে।

  • Share this:
আজি পহিলা ব’হাগ। পহিলা ব’হাগ উপলক্ষে ৰঙিয়াৰ এইচ পি পেট্ৰ’ল-ডিজেল পাম্পত ব্যতিক্ৰমী বিহু উদযাপন। পেট্ৰ’ল পাম্পটোত তেল ভৰাবলৈ অহা সকলো গ্ৰাহককে বিহুৱান যাঁচিলে কৰ্তৃপক্ষই। পেট্ৰ’ল পাম্পটোৰ এই পদক্ষেপত তেল ভৰাবলৈ অহা গ্ৰাহকসকলো উৎফুল্লিত হৈ পৰে। কৰ্মৰ মাজেৰে নিজৰ সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্য পেট্ৰ’ল-ডিজেল পাম্পৰ কৰ্মচাৰীসকলে অসমীয়াৰ সাজ-পাৰ পিন্ধি কৰ্মত ব্যস্ত হোৱা দেখা গ’ল।

যুৱতী কৰ্মচাৰীসকলে মেখেলা–চাদৰ পৰিধান কৰি নিজৰ কৰ্মত ব্যস্ত হোৱাৰ বিপৰীতে যুৱক কৰ্মচাৰীসকলে ধুতি-গেঞ্জী পৰিধান কৰি পহিলা ব’হাগৰ দিনটোত নিজৰ কৰ্মত ব্যস্ত হৈছে।

পেট্ৰ’ল-ডিজেল পাম্পটোৰ মহিলাসকলে পেট্ৰ’ল-ডিজেল পাম্প চৌহদতে বিহু গাই ৰঙালীৰ আনন্দত মতলীয়া হোৱা দেখা গ’ল।

পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰীসকলে মাস্ক পৰিধান কৰি নিজৰ কৰ্ম কৰি গৈছে। নিজৰ লগতে আন দহজনকো যাতে কোভিড-১৯ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ বাবে বজাই ৰাখিছে সামাজিক দূৰত্ব।
Published by: Sanjay Kumar Das
First published: April 15, 2021, 7:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি