'তাইক মোলৈ বিয়া নিদিয়ালৈকে আন্দোলন চলি থাকিব'- হাতত প্লে কাৰ্ডলৈ প্ৰেমিকাৰ ঘৰৰ সমুখত প্ৰেমিকৰ অনশন
অদ্ভুত দাবীৰে শনিবাৰে মানকাচৰৰ যুৱকজনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জত আন্দোলন কৰে।
অদ্ভুত দাবীৰে শনিবাৰে মানকাচৰৰ যুৱকজনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জত আন্দোলন কৰে।
- News18 Assam
- Last Updated: April 18, 2021, 1:16 PM IST
এই অদ্ভুত দাবীৰে শনিবাৰে মানকাচৰৰ যুৱকজনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জত আন্দোলন কৰে। মানকাচৰৰ বাপ্পা ঘোষ নামৰ যুৱক জনৰ দাবী, বিগত প্ৰায় ৬ মাহ ধৰি মহেন্দ্ৰগঞ্জৰ যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক হৈছে। প্ৰথমে ঘৰৰ পৰা বিয়া দিয়াৰ কথা আছিল যদিও বৰ্তমান বিয়া নিদিয়ে বুলি জানিব পাৰি যুৱকজনে এইদৰে প্ৰতিবাদত নামিল।'
পিছত ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজ অৱগত হোৱাৰ পিছত যুৱকজনৰ ওচৰত বহুলোকে ভিৰ কৰে। লগতে প্ৰেমিকাৰ ঘৰৰ লোক ওলাই আহি প্ৰতিবাদৰ পৰা উঠি যাবলৈ কোৱাৰ লগতে আৰক্ষীৰ ভয় দেখুৱাই যুৱকজনক। ইতিমধ্যে বাপ্পা ঘোষক মহেন্দ্ৰগঞ্জ আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে।












