PPE কীট পৰিধান কৰি বিহু মঞ্চত কেকে-মোহন! পৰিৱেশন কৰিলে কোৰোণা বিহু!

News18 Assam | News18-Assam
Updated:April 17, 2021, 9:30 AM IST
PPE কীট পৰিধান কৰি বিহু মঞ্চত কেকে-মোহন! পৰিৱেশন কৰিলে কোৰোণা বিহু!
চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়ম নীতিৰ মাজেৰে বিহু উদযাপন কৰিছে অসমীয়াই।

চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়ম নীতিৰ মাজেৰে বিহু উদযাপন কৰিছে অসমীয়াই।

  • Share this:
ৰাজ্যত চৌদিশে ৰঙালীৰ পাৰ ভঙা উচাহ। কোৰোণা ভাইৰাছৰ দ্ৰুত সংক্ৰমণে কিছু সমস্যাৰ সৃষ্টি কৰিছে যদিও চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়ম নীতিৰ মাজেৰে বিহু উদযাপন কৰিছে অসমীয়াই। প্ৰতিখন বিহু মঞ্চত দেখিবলৈ পোৱা গৈছে শিল্পীৰ নতুন-নতুন ৰূপ।

শুকুৰবাৰে ভৰলুৰ সোণাৰাম খেলপথাৰত অনুষ্ঠিত বিহু সন্মীলনত ব্যতিক্ৰমী ৰূপত দেখা গ'ল অসমৰ দুই জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওটক। কোৰোণা ভাইৰাছৰ শেহতীয়া সংক্ৰমণৰ ৰোধৰ বাবে উপস্থিত দৰ্শকৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়াসেৰে মঞ্চত PPE কীট  পৰিধান কৰি অনুষ্ঠান পৰিৱেশন কৰিলে দুয়োগৰাকী জনপ্ৰিয় অভিনেতাই। ছচিয়েল মিডিয়াত এই সন্দৰ্ভত এক পোষ্টো শ্বেয়াৰ কৰিছে সিদ্ধাৰ্থ শৰ্মাই।

কৌতুক অভিনেতা হিচাপে সমগ্ৰ ৰাজ্যতে ব্যাপক সমাদৰ লাভ কৰা দুয়োগৰাকী অভিনেতাই আনকি ধেমালীৰ চলেৰে কোৰোণা ভাইৰাছক লৈ এটা বিহু গীতো পৰিৱেশন কৰি দৰ্শকক আমোদ দিয়াৰ চেষ্টা কৰে।
Published by: Himangshu Bhuyan
First published: April 17, 2021, 9:30 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি