মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! এইবাৰ S পদ্ধতিত অনুষ্ঠিত হ’ব পৰীক্ষা, কি এই S পদ্ধতি?
পৰীক্ষা অনুষ্ঠিত হ’বলগা প্ৰতিটো কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষক-নিৰীক্ষকে ভেকচিন লোৱাটো বাধ্যতামূলক।
পৰীক্ষা অনুষ্ঠিত হ’বলগা প্ৰতিটো কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষক-নিৰীক্ষকে ভেকচিন লোৱাটো বাধ্যতামূলক।
- News18 Assam
- Last Updated: April 14, 2021, 10:03 PM IST
'এছ' প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে এইবাৰ বহিব লাগিব পৰীক্ষা কেন্দ্ৰত। সেই অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰথম বেঞ্চত দুজন পৰীক্ষাৰ্থী, দ্বিতীয় বেঞ্চত এজন পৰীক্ষাৰ্থী আৰু তাৰ পিছৰ বেঞ্চসমূহতো এইধৰণে বহিব লাগিব পৰীক্ষাৰ্থীসকল।
তদুপৰি পৰীক্ষা অনুষ্ঠিত হ’বলগা প্ৰতিটো কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষক-নিৰীক্ষকে ভেকচিন লোৱাটো বাধ্যতামূলক। একেদৰে ছেবাই প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ মাস্ক, ছেনিটাইজাৰৰ বাবে প্ৰেৰণ কৰিব ধন। প্ৰতিটো কেন্দ্ৰৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ বাবে এইবাৰ ২৫ টকাকৈ দিব ছেবাই। মুঠতে কোভিডৰ সকলো বিধি পালন কৰি পৰীক্ষা অনুস্থিত কৰিবলৈ সাজু হৈছে ছেবা কৰ্তৃপক্ষই।












