‘কোৰোণা নিশা ১১ বজাৰ পিছতহে আহিবলৈ ৰৈ থাকে নেকি’ – বৰপেটাত ৰাজ্য চৰকাৰলৈ প্ৰশ্ন শিল্পী মানস ৰবীনৰ
যদিহে কোভিডৰ সংক্ৰমণ ব্যাপকভাবে বৃদ্ধি হৈছে তেন্তে চৰকাৰে বিহুৰ অনুষ্ঠান বাতিল কৰিলেও আপত্তি নাই শিল্পীগৰাকীৰ৷
যদিহে কোভিডৰ সংক্ৰমণ ব্যাপকভাবে বৃদ্ধি হৈছে তেন্তে চৰকাৰে বিহুৰ অনুষ্ঠান বাতিল কৰিলেও আপত্তি নাই শিল্পীগৰাকীৰ৷
- News18 Assam
- Last Updated: April 16, 2021, 12:03 PM IST
বৰপেটাত বিহু অনুষ্ঠানত ইটোৰ পিছত সিটো জনপ্ৰিয় গীত গাই শ্ৰোতা–দৰ্শকক আপ্লুত কৰা মানস ৰবীনে ৰাজ্য চৰকাৰৰ বিহু সংক্ৰান্তীয় নিৰ্দেশনাক লৈ প্ৰকাশ কৰে কেতবোৰ মন্তব্য৷ মানস ৰবীনৰ মতে, সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাতকৈ জনস্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটোহে অধিক জৰুৰী আৰু কেইগৰাকীমান শিল্পীৰ স্বাৰ্থতকৈয়ো ৰাজ্যৰ তিনি কোটি মানুহৰ জীৱনৰ মুল্যহে অধিক বুলি দাবী কৰি তিনি কোটি মানুহক লৈ যদি কোনোবাই হেতালি খেলিছে সেয়া ভাল কথা নহয় বুলিও মন্তব্য কৰে৷
আনকি যদিহে কোভিডৰ সংক্ৰমণ ব্যাপকভাবে বৃদ্ধি হৈছে তেন্তে চৰকাৰে বিহুৰ অনুষ্ঠান বাতিল কৰিলেও আপত্তি নাই শিল্পীগৰাকীৰ৷ তাৰ বিপৰীতে নিশা ১১ বজাৰ পূৰ্বে বিহুৰ অনুষ্ঠান শেষ কৰাৰ বাবে ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশক বাৰে বিংকৰা কথা বুলি অভিহিত কৰে। আনকি কোৰোণা নিশা ১১ বজাৰ পিছতহে আহিবলৈ ৰৈ থাকিব নেকি বুলিও ৰাজ্য চৰকাৰলৈ প্ৰশ্ন শিল্পী মানস ৰবীনৰ৷ ৰাজ্যবাসীৰ হিতৰ বাবে দিয়া প্ৰতিটো নিৰ্দেশ নতশিৰে পালন কৰিবলৈ প্ৰস্তুত বুলিও মন্তব্য শিল্পীগৰাকীৰ৷












