পশ্চিম গুৱাহাটী সমষ্টিৰ ধাৰাপুৰ মজলী ভোট কেন্দ্ৰত EVMক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ লাঠিচালনা, শূন্যলৈ গুলী
ভোটদানৰ অন্তত নিৰ্বাচনৰ দায়িত্বত থকা বাহনত দুটাকৈ EVM স্থানীয় লোকে প্ৰত্যক্ষ কৰি সন্দেহ কৰে।
ভোটদানৰ অন্তত নিৰ্বাচনৰ দায়িত্বত থকা বাহনত দুটাকৈ EVM স্থানীয় লোকে প্ৰত্যক্ষ কৰি সন্দেহ কৰে।
- News18 Assam
- Last Updated: April 7, 2021, 9:28 AM IST
স্থানীয় ৰাইজৰ প্ৰশ্ন, বাহনখনত ক’ৰ পৰা আহিল EVM? একাংশ উত্তেজিত ৰাইজে বাহনখনত আক্ৰমণ কৰি ভাঙি দিয়ে। ঘটনাস্থলীত আজাৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলায়। স্থানীয় লোকে বহু ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে AS 01 GS 6035 নম্বৰ বাহনখন। একাংশ লোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাত অৱশেষত শূন্য গুলীচালনা কৰি , লাঠিচার্জ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে।












