লগত লেপটপ লৈ ঘুৰি ফুৰে নেকি? সাৱধান হওক! আপোনাৰ লেপটপত শেন চকু পৰব পাৰে কুখ্যাত চোৰৰ।
হোজাই ষ্টেচনত তেজশ এক্সপ্ৰেছত যাত্ৰীৰ লেপটপ চুৰি। আৰক্ষীৰ তৎপৰতাত ধৰা পৰিল চোৰ।
হোজাই ষ্টেচনত তেজশ এক্সপ্ৰেছত যাত্ৰীৰ লেপটপ চুৰি। আৰক্ষীৰ তৎপৰতাত ধৰা পৰিল চোৰ।
- News18 Assam
- Last Updated: April 13, 2021, 6:29 PM IST
তেজশ এক্সপ্ৰেছেৰে ধৰ্মপূৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা চন্দন দাস নামৰ যাত্ৰীজনৰ মূল্যৱান লেপটপটো চুৰি হয়। হোজাই ষ্টেচনত ৰে'লখন আহি পোৱাৰ মূহূৰ্ততে আগৰে পৰা টাৰ্গেট কৰি থকা চোৰে চুৰি কৰি নিয়ে লেপটপটো।
পিছে চোৰৰ প্ৰতি সুপ্ৰসন্ন নাছিল ভাগ্য। ৰে'ল যাত্ৰী আৰু ৰে'ল আৰক্ষীৰ তৎপৰতাত লেপটপসহ ধৰা পৰে এটা চোৰ। কঁচুৱা ডালিমবাৰীৰ মজিবুৰ ৰহমান নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লেপটপটো উদ্ধাৰ কৰে।












